১০ হাজাৰকৈ দিলে বন্ধ হ'ব উচ্ছেদ! ডবকাত উচ্ছেদৰ নামত দালালী একাংশৰ

উচ্ছেদৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছে প্ৰশাসন৷ ইয়াৰ মাজতে একাংশৰ বিৰুদ্ধে দালালী কৰাৰ অভিয়োগ লৈ ভুক্তভোগী কাষ চাপিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷

author-image
Asomiya Pratidin
New Update
agroni khabar

ডিজিটেল সংবাদ,ডবকা:   ৰাজ্যত সংখ্যালঘু প্ৰধান অঞ্চলত উচ্ছেদক লৈ একাংশই আৰম্ভ কৰিছে ব্যৱসায়। ডবকাত উচ্ছেদ বন্ধৰ নামত ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিটো ঘৰৰ পৰা দালালে ১০ হাজাৰকৈ টকা লোৱাৰ অভিযোগ একাংশ লোকৰ ৷ ১০ হাজাৰ কৈ টকা দিলে দালালে উচ্ছেদ বন্ধ কৰাব বুলি প্ৰলোভন দিয়া বুলি জনাই ভুক্তভোগীয়ে ৷

ডবকাৰ যমুনা মৌডংগা বনাঞ্চলৰ ভুমি দখল কৰা সহস্ৰাধিক লোকলৈ বন বিভাগে উচ্ছেদৰ জাননী জাৰি কৰিছে। ইতিমধ্য বন বিভাগৰ মুখ্য সচিব এম কে যাদৱেও অঞ্চলটো পৰিদৰ্শক কৰে ৷ উচ্ছেদৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছে প্ৰশাসন৷ ইয়াৰ মাজতে একাংশৰ বিৰুদ্ধে দালালী কৰাৰ অভিয়োগ লৈ ভুক্তভোগী কাষ চাপিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, উচ্ছেদৰ জাননী পোৱা লোক সকলক এটি দালাল চক্ৰই ধন বিচৰাৰ লগতে ধন দিলে উচ্ছেদ ৰখাই দিয়াৰ প্ৰলোভন দিয়ে। যিসকল লোকে ১০ হাজাৰকৈ টকা দিব সেই সকলক প্ৰশাসনে উচ্ছেদ নকৰে বুলি কৈ ধন সংগ্ৰহ কৰে চক্ৰটোৱে। ঘটনা সংক্ৰান্তত উচিত তদন্তৰ দাবী জনাইছে ভুক্তভুগীয়ে। ইপিনে বিধায়ক চিৰাজ উদ্দিন আজমল আৰু জিলা আয়ুক্তৰ হস্তক্ষেপ কামনা কৰিছে ৰাইজে৷

ডবকা