ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ

This photograph provided by Harpreet Upal, an accompanying aide of British Member of Parliament Debbie Abrahams shows Abrahams at the Indira Gandhi International Airport in New Delhi, India, Monday, Feb. 17, 2020. Indian officials denied the British lawmaker entry on Monday after she landed at New Delhi's Indira Gandhi International Airport, according to Harpreet Upal, an accompanying aide. (Harpreet Upal via AP)

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তিৰ পিছত মোডী চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰা বৃটিছ সাংসদ ডেবী আব্ৰাহামছক ভাৰতত প্ৰৱেশৰ অনুমতি। সোমবাৰে পুৱা প্ৰায় ৯ বজাত ডুবাইৰ পৰা দিল্লী বিমান বন্দৰত উপস্থিত হোৱা বৃটিছ সাংসদগৰাকীক বিমান বন্দৰৰ পৰাই পুনৰ ডুবাইলৈ উভতাই পঠিওৱা হয়। ইয়াৰ কাৰণ হিচাপে ডেবী আব্ৰাহামছৰ ভাৰতৰ ভিছা বাতিল কৰা হোৱা বুলি জনায় বিমান বন্দৰত।

বৃটিছ সাংসদগৰাকীয়ে জানিবলৈ দিয়া মতে, ২০১৯ চনৰ অক্টোবৰত তেওঁক প্ৰদান কৰা হৈছিল ভাৰতৰ ই-ভিছা। এই ভিছাৰ ম্যাদ ২০২০ৰ অক্টোবৰ পৰ্যন্ত আছে। কিন্তু তাৰ পিছতো দিল্লী বিমান বন্দৰত তেওঁক আবদ্ধ কৰি পুনৰ উভতাই পঠিওৱাৰ কাৰণ কি সেয়া লৈ প্ৰশ্ন তুলিছে ডেবী আব্ৰাহমছে। ইফালে চৰকাৰী এক সূত্ৰই সদৰী কৰা মতে, সাংসদগৰাকীৰ ওচৰত ভাৰতলৈ অহাৰ বাবে বৈধ ভিছা নথকাৰ বাবেই উভতাই পঠিওৱা হয়। অৱশ্যে বৃটিছ সাংসদগৰাকীৰ ভিছা কিয় বাতিল কৰা হৈছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বৃটিছ সাংসদগৰাকীয়ে কয়, 'সকলো যাত্ৰীৰ দৰেই ময়ো ইমিগ্ৰেছন ডেস্কত ই-ভিছাসহ সকলো নথি দেখুৱাইছো। মোৰ ফটো তোলা হয় আৰু পিছত কৰ্তব্যৰত বিষয়াই মোৰ ই-ভিছা বাতিল হোৱা বুলি জনায়। তেওঁলোকে মোৰ পাছপৰ্ট লৈ যায় আৰু প্ৰায় ১০ মিনিট পিছত মোক সেয়া উভতাই দিয়ে। মোৰ সতে তেওঁলোকে অপৰাধীৰ দৰে আচৰণ কৰা বুলি ক'বলৈও মই সংকোচ নকৰো।'

আনহাতে ডেবী আব্ৰাহামছে লগতে কয় যে বিমান বন্দৰত তেওঁ 'ভিছা অন এৰাইভেল'ৰ বাবে আবেদন জনায় যদিও তেওঁ তাৰ কোনো সুদুত্তৰ লাভ নকৰিলে। পূৰ্বে সামাজিক কৰ্মকৰ্তা হিচাপি কাম কৰি ২০১১ চনত বৃটিছ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ডেবী আব্ৰাহমছে কয়, 'মই সামাজিক ন্যায় আৰু মানৱাধিকাৰৰ সুৰক্ষাৰ বাবে ৰাজনীতিলৈ আহিছিলো। মই মোৰ এই যুঁজ অব্যাহত ৰাখিম।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in