/asomiyapratidin/media/media_files/2025/08/20/psiii-2025-08-20-13-32-10.jpg)
ডিজিটেল ডেস্কঃ পৰিয়ালক সন্তুষ্ট কৰিবলৈ গৈ চাকৰিৰ পৰা খেদা খালে এগৰাকী পাইলটে। বিমান কেনেকৈ চলাই সেয়া পৰিয়ালক লোকক দেখাবলৈ গৈ চাকৰি হেৰুওৱা পাইলটগৰাকীক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ব্ৰিটিছ এয়াৰৱেজৰ বিমান BA174 নম্বৰৰ বিমানখনৰ পাইলট গৰাকীৰ কাণ্ডত এতিয়া লজ্জিত এই প্ৰতিষ্ঠানটো।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা আগষ্টত নিউয়ৰ্কৰ পৰা লণ্ডন অভিমুখী আছিল এই BA174 নম্বৰৰ বিমানখন। বিমানখন নিৰ্উয়কৰ পৰা উৰিবলৈ সাজু হৈছিলহে মাত্ৰ। এনেতে বিমানৰ ভিতৰত লাগিল হুৱাদুৱা। একাংশ সচেতন যাত্ৰীয়ে দেখিলে যে বিমানৰ ভিতৰৰ ককপিতত দুৱাৰখন খোলা আছে।
উল্লেখ কৰা প্ৰয়োজন যে, বিমানৰ পাইলটৰ কেবিন আৰু যাত্ৰীৰ বহা অংশৰ মাজত থকা দুৱাৰখনেই হৈছে ককপিত দুৱাৰ। প্ৰতিগৰাকী পাইলটৰ বাবে বিমানত উঠিয়েই কৰিব লগা প্ৰথম আৰু গুৰুত্বপূৰ্ণ কামতো হৈছে এই দুৱাৰখন ভালকৈ বন্ধ কৰি লোৱা। কিন্তু উক্তদিনটোত সেই বিমানখনত বন্ধ কৰা হোৱা নাছিল সেই গুৰুত্বপূৰ্ণ দুৱাৰখন।
সেই দৃশ্য দেখি হাঁহাকাৰ লাগিল যাত্ৰীসকলৰ মাজত। লগে লগে বিমান বন্দৰৰ নিৰাপত্তাত থকা বিষয়াৰ লগতে পৰিচালনা মণ্ডলীৰ বিষয়া উপস্থিত হ'ল বিমানখনত। সকলোৱে এই দুৱাৰখন কিয় খোলা আছে বুলি প্ৰশ্ন কৰিলে। নিৰাপত্তাত দায়িত্বত থকা বিষয়াই পাইলটগৰাকী মাতি আনি সোধাত ক'লে যে, বিমানখনত তেওঁৰ পৰিয়ালৰ কেইবাজনো লোক আছে। তেওঁলোকে বিমান মই বিমান কেনেকৈ চলাও,সেয়া চাব বিচাৰিছিল। সেয়েহে এই বিমানখনৰ ককপিত দুৱাৰখন মই বন্ধ কৰা নাছিলো।
পাইলটৰ উত্তৰ শুনি অকণো পলম নকৰাকৈ পাইলটগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ ওপৰত তদন্ত ঘোষণা কৰে। যাত্ৰীসকলক আশ্বস্ত কৰিবলৈ পুনৰ অইন এখন বিমানৰ যোগাৰ কৰি দিয়ে পৰিচালনা সমিতিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, এই ঘটনাৰ বাবে উক্ত দিনটোত ব্ৰিটিছ এয়াৰৱেজৰ বহুকেইখন বিমানৰ সময়ক লৈ বেমেজালিৰ সৃষ্টি হয়।