জৰাসৰ নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে পকী দলং...

তিনিদিন ধৰি অহা নেৰানেপেৰা বৰষুনৰ ফলত জৰাসৰ নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় মোলানগাঁও- ফুলবাৰী ৰঙাপৰা,বালিপৰা সংযোগী পকীদলঙৰ এটা অংশ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শোণিতপুৰ:  শোণিতপুৰৰ  জৰাসৰ নৈৰ বাঢ়নী পানীয়ে ভাঙিলে মোলানগাঁৱৰ পকী দলং। তিনিদিন ধৰি অহা নেৰানেপেৰা বৰষুনৰ ফলত জৰাসৰ নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় মোলানগাঁও- ফুলবাৰী ৰঙাপৰা,বালিপৰা সংযোগী পকীদলঙৰ এটা অংশ।

লগে লগে অঞ্চল কেইটাৰ মাজত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। মোলানগাঁৱৰ পৰা ৰঙাপৰা আৰু বালিপৰালৈ অহা -যোৱা কৰা একমাত্ৰ দলংখন ভাঙি যোৱাৰ ফলত গাঁওবাসীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।

এই পৰিস্থিতৰ পাছত স্থানীয় ৰাইজে অতি শীঘ্ৰে দলংখন মেৰামতি কৰি দি যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে।

শোণিতপুৰ