/asomiyapratidin/media/media_files/2025/09/18/fcdfdfxzsasaedsdsdsd-2025-09-18-16-50-01.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ বকৰাপট্টা আৰু কুৰুৱাআটি সংযোগৰ একমাত্ৰ মাধ্যম আছিল ভগ্নপ্ৰায় এখন কাঠৰ দলং। কিন্তু এই কাঠৰ দলংখন বাঢ়নী পানীয়ে মঙ্গলবাৰে উটোৱাই নিয়াৰ পিছতেই বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/18/capturefdfdfssdsd-2025-09-18-16-51-09.jpg)
এই অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰী চতিয়া মহাবিদ্যালয়, চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূৱ চতিয়া হাইস্কুল, বকৰাপট্টা এম ই স্কুলত অধ্যয়ন কৰে। এই সকল ছাত্ৰ ছাত্ৰী অতি বিপদ সংকুল ভাবে ভৰা ঘিলাধাৰী নদীত কল গছৰ ভূৰত উঠি বিদ্যালয়লৈ যাব লগা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/18/dsdsdseryhvdfv-2025-09-18-16-52-47.jpg)
বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ। বিধায়কৰ হেমাহিৰ বাবেই শতাধিক লোক জলবন্দী হৈ পৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপান কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us