মানকাচৰত ইটা ভাটা উচ্ছেদ অভিযান

দুদিন পূৰ্বে বাউছকাটাত ৫ টাকৈ অবৈধ ইটা ভাটা উচ্ছেদ চলাইছিল। ইয়াৰ পাছত দেওবাৰে চিৰাখোৱা-মহিছঘুমা এলেকাত পুনৰ চলাই থকা হৈছে অবৈধ ইটা ভাটাৰ বিৰুদ্ধে উচ্ছেদ অভিযান।

author-image
Asomiya Pratidin
New Update
130
  • মানকাচৰত অব্যাহত আছে অবৈধ বাংলা ইটা ভাটা বিৰোধী উচ্ছেদ অভিযান।
  • দুদিন পূৰ্বে বাউছকাটাত ৫ টাকৈ অবৈধ ইটা ভাটা উচ্ছেদ চলাইছিল।
  • ইয়াৰ পাছত দেওবাৰে চিৰাখোৱা-মহিছঘুমা এলেকাত পুনৰ চলাই থকা হৈছে অবৈধ ইটা ভাটাৰ বিৰুদ্ধে উচ্ছেদ অভিযান।
  • মানকাচৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত জিলা প্ৰশাসনে চলাই অবৈধ ইটাৰ বিৰুদ্ধে উচ্ছেদ অভিযা  ন।
  • আজি ইতিমধ্যে ৪ টা ইটা ভাটাত উচ্ছেদ চলোৱা হৈছে।
  • উচ্ছেদৰ সময়ত একাংশ ভাটাৰ মালিকে প্ৰশাসনক উচ্ছেদৰ সময়ত বাধা দিয়া পৰিলক্ষিত হয়। 
  • অবৈধ এটা ভাটা চলোৱাৰ নামত এটা চক্ৰই এনে অবৈধ ইটা ভাটাৰ পৰা উৎকোচ সংগ্ৰহ কৰা বুলি অভিযোগ।
  • বিশেষকৈ জিলা অতিৰিক্ত আয়ুক্ত ছাইফুদৌলা খানৰ বিৰুদ্ধে ইটা ভাটাৰ মালিকসকলে ধন লোৱাৰ অভিযোগ।
  • এফালে অতিৰিক্ত আয়ুক্তই অবৈধ ইটা ভাটা চলাৰ নামত ধন সংগ্ৰহ কৰিছে বুলি অভিযোগ।
  • আনফালে মানকাচৰ ৰাজহ চক্ৰ বিষয়াই চলাই গৈছে উচ্ছেদ অভিযান।
মানকাচৰ