চামগুৰিৰ মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত

ড্ৰাগছ আসক্ত আৰু বাল্য বিবাহৰ লগত জড়িত লোকৰ মৃতকৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত চামগুৰিৰ বাজিয়াগাঁও মুছলমান ৰাইজৰ

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ প্ৰতি আসক্তি বিশ্বজুৰি এক ভয়ংকৰ সামাজিক ব্যাধি হিচাবে পৰিগণিত হৈছে। যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা এই ড্ৰাগছ আসক্তিয়ে বহুতৰে ভৱিষ্যৎ ধ্বংসৰ দিশলৈ আগবঢ়াই নিছে। তেনে ক্ষেত্ৰত চামগুৰিৰ মুছলমান সমাজে লৈছে এক ঐতিহাসিক সিদ্ধান্ত। ড্ৰাগছ আসক্ত অথবা ড্ৰাগছ বিক্ৰেতা আৰু বাল্য বিবাহৰ লগত জড়িত লোকৰ মৃতকৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত চামগুৰিৰ বাজিয়াগাঁও মুছলমান ৰাইজৰ। 

এখন ড্ৰাগছ মুক্ত আৰু বাল্য বিবাহ নিৰ্মূল গাঁও গঢ়ি তোলাৰ উদ্দেশ্যে এই সিদ্ধান্ত  গ্ৰহণ কৰিছে বাজিয়াগাঁৱৰ আঞ্চলিক মুছলমান ৰাইজে। চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এক সজাগতা সভাৰ জৰিয়তে এই ঐতিহাসিক সিদ্ধান্ত চামগুৰিৰ বাজিয়াগাঁও আঞ্চলিক ৰাইজৰ। 

চামগুৰি