/asomiyapratidin/media/media_files/2026/02/05/mahiss-2026-02-05-23-19-28.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ চাৰিদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা ' আধাৰশিলা ট্ৰাষ্ট ' ৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত হৈছে ' ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ' । আজি সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী কলেজৰ প্ৰেক্ষাগৃহত ' ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ' ৰ উদ্বোধন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/05/787a6d59-3962-425d-ad50-e0df452ad39e-2026-02-05-23-14-52.jpg)
উদ্বোধনী অনুষ্ঠানত হাংগেৰীৰ বিশিষ্ট কবি ডেনিয়েল লেবেন্ট টি প'ল মুখ্য অতিথি , শ্ল'ভাকিয়াৰ জানা বেডনাৰভা , মণিপুৰৰ বিশিষ্ট লেখক , অনুবাদক এল সনী ৰয় , শিল্পী ঋষি বৰুৱা , শিৱসাগৰ ছোৱালী কলেজৰ অৱসৰী অধ্যক্ষ তথা শিৱসাগৰ ৰত্ন সোণাৰাম বৰুৱা বিশিষ্ট অতিথিৰূপে , ' আধাৰশিলা ট্ৰাষ্ট ' ৰ সঞ্চালক ৰীতা চৌধুৰী আৰু শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড০ প্ৰতিম শৰ্মাই ভাষণ প্ৰদান কৰে।
উদ্বোধনী অনুষ্ঠানত আমগুৰিৰ ' বান্ধৈ ' সাংস্কৃতিক গোষ্ঠীৰ সুশীল লাহনে পাতবাদ্য আৰু প্লাবিতা বৰঠাকুৰৰ নেতৃত্বত শিল্পী দলে নৃত্য পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰ উদ্বোধনী অনুষ্ঠানৰ পাছতে উপস্থিত বিশিষ্ট সকলৰ লগতে উদ্যোক্তা সকলে হাতে হাতে বন্তি লৈ গায়ন-বায়নেৰে নগৰৰ ৰাজপথেদি সমদল কৰি শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাঙ্গনৰ পৰা নগৰৰ বৰ্ডিং খেলপথাৰলৈ গৈ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/05/f69475b0-2f85-4c1a-88a0-e9eb51d8de2b-2026-02-05-23-15-03.jpg)
বৰ্ণাঢ্য অনুষ্ঠান আৰু সমদলত কেনিয়াৰ মাছাই জনগোষ্ঠীৰ লোকশিল্পী মাৰ্কচন কটয়িন কেৰেট'ৱে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচী সমান্তৰালভাৱে শিৱসাগৰ ছোৱালী কলেজ,শিৱসাগৰ যুৱদল আৰু শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব। আজি প্ৰথম দিনাই কেইবাখনো বিদেশৰ শিল্পী, সাহিত্যিকে অংশগ্ৰহণ কৰে।
সন্ধিয়া শিৱসাগৰ ব'ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী। জানিব পৰা মতে সামগ্ৰিক ভাৱে এই উৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচীত অসমৰ লগতে বিভিন্ন ৰাজ্য আৰু বিভিন্ন দেশৰ প্ৰায় ২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ব্ৰহ্মপুত্ৰ সাহিত্য উৎৱসৰ উপলক্ষে শিৱসাগৰ বৰ্ডিং খেলপথাৰত কেইবাখনো গ্ৰন্থ বিপনীৰ ব্যৱস্থা কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/05/67a966e5-b2fc-4974-851b-6317a3c64bb3-2026-02-05-23-15-20.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us