/asomiyapratidin/media/media_files/2025/12/27/535-2025-12-27-13-24-20.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । ধেমাজি জিলাত নতুনকৈ বিপিএফ দলে খোপনি পুতিবলৈ কুচকাৱাজ চলাইছে। শুকুৰবাৰে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে চিলাপথাৰত উপস্থিত হৈ ধেমাজি জিলাত দলৰ নতুন সমিতি গঠন কৰাৰ উদ্দেশ্যে চিলাপথাৰ নেপাল হোটেলৰ সভাগৃহত এখন দলীয় সাংগঠনিক সভা অনুষ্ঠিত কৰে ।
মাজবাট বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰসেশ্বৰ ব্ৰহ্মৰ নেতৃত্বত চিলাপথাৰত উপস্থিত হোৱা দলটোৰ সম্পাদক কাৰ্তিক চন্দ্ৰ বড়ো, গনেশ মুছাহাৰী, মামনি শৰ্মাকে ধৰি বহুকেইজন নেতাই অংশগ্ৰহণ কৰে। আগন্তুক ২৬ ৰ নিৰ্বাচনত বিপিএফে নিজাকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি জানিবলৈ দি ধেমাজি জিলাতো দলে নিজা প্ৰাৰ্থী আগবঢ়োৱাৰ চিন্তা চৰ্চা কৰিছে বুলি জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us