বৰমাত বিপিএফৰ বৃহৎ গণ সমাৱেশ

আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে বিপিএফ দলে।সমাৱেশত অংশ লয় বহু সহস্ৰাধিক লোকে। সভা উদ্বোধন কৰে যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়োৱে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বৰমাঃ  আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে বিপিএফ দলে। বিপিএফৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত আজি বাক্সা জিলাৰ কদমতলত বৃহৎ গণ সমাবেশ অনুষ্ঠিত হয়। সমাৱেশত অংশ লয় সহস্ৰাধিক লোকে। 

উক্ত সভাখন উদ্বোধন কৰে যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়োৱে। আজিৰ এই বিশাল গণ সমাবেশত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিজেপিৰ পল্লৱলোচন দাস, প্ৰাক্তন মন্ত্ৰী তথা এমচিএলএ ৰেখাৰানী দাস বড়োৰ লগতে বিপিএফ আৰু বিজেপি দলৰ বহুসংখ্যক নেতা কৰ্মী।

বিগত বিটিচি নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ বদ্ধপৰিকৰ বিপিএফ দল। ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কয় যে বৰ্তমান বিটিচিত আছে প্ৰায় ২৫০ কৌটি টকা, এই টকাৰে সকলো উন্নয়ন সম্ভৱ নহয়।বিটিচি নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বুলিও দৃঢ়তাৰে কয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

ওদালগুৰিত কম সময়ৰ ভিতৰতে মিনি সচিবালয়ৰ লগতে বাক্সা জিলাত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ওদালগুৰিত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। এবছুৰ সভাপতি দ্বীপেন বড়োৱে মহাজ্ঞানী দেখুৱাই ছাত্ৰ ছাত্ৰীক আন্দোলনমুখী কৰি তুলিছে। ভাষণত দ্বীপেন বড়োক তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ ।

হাগ্ৰামা মহিলাৰী