/asomiyapratidin/media/media_files/2025/09/04/1-2025-09-04-11-17-21.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ বাসবাৰী প্ৰাইমাৰী সমিতিৰ উদ্যোগত পাগলীঝোৰা প্ৰথম আৰু দ্বিতীয় খণ্ড গাঁওত অনুষ্ঠিত হোৱা যোগদান সভাত এম চি এ এ তথা বিপিএফ দলৰ প্ৰাৰ্থী মুন মুন ব্ৰহ্মৰ উপস্থিতিত প্ৰায় তিনি শতাধিক লোকে বিপিএফ দলত যোগদান কৰে।
উল্লেখ্য যে আদানীৰ তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে এই গাঁও সমূহৰ ভূমি অসম চৰকাৰ আৰু বিটিচি চৰকাৰে দিয়াৰ পিছতেই গঞা ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল সেয়ে গাঁওবাসীয়ে প্রমোদ বড়োৰ ওপৰত অসন্তুষ্ট হৈ গাঁও খনৰ অধিক সংখ্যক ৰাইজে বিপিএফ দলত যোগদান কৰে।
ইফালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিপিএফ নেতা প্ৰহ্লাদ ব্ৰহ্মই কয় যে, বিটিচি ত বিজেপি আৰু ইউপিপিএল চৰকাৰ চলি আছে তথাপিও কোনো এটা বিটিআৰ চুক্তিৰ দফা সমূহ কাৰ্যকৰী কৰিব পৰা নাই, বিটিআৰ চুক্তিত লিপিবদ্ধ হৈ অহা কেন্দ্ৰীয় চৰকাৰৰ পৰা দিয়া ডেৰ হাজাৰ কোটি টকাৰ অনুদান বিটিচি ত আনিব পৰা নাই, ইয়াৰ পৰা বুজা যায় প্ৰমোদ বড়ো এজন অযোগ্য নেতা, ৰাজ্য এখন কেনেকৈ চলাব সেই জ্ঞান নাই।
তেওঁ এজন ব্যৰ্থ নেতা। বিগত পাঁচ বছৰত যিমান চাকৰি আছিল বিটিচি ৰ বাহিৰৰ মানুহক দিছে, যিমান ঠিকা কাম আছিল সেয়াও বিটিচি ৰ বাহিৰৰ মানুহ বিলাকে কৰিছে, যিমান চাফলাইৰ ঠিকা আছিলে সব দিল্লী, দিছপুৰৰ মানুহ কৰে।
প্ৰমোদ বড়োৰ লগত কোনো আঁচনি নাই, কেৱল ভিছন ডক'মেণ্ট বনাইছে কামত নাই, কথাটো ডাঙৰ ডাঙৰ কয়, আমি শান্তি আনিছো, শান্তি যদি আনিছে আজি ৰঞ্জন দৈমাৰী কিয় জেলত কিয় এতিয়াও ওলাই অহা নাই, এতিয়াও ৬০ ৰ অধিক জেলত আছে তেন্তে বিটিআৰ ৰ চুক্তিৰ কিবা অৰ্থ থাকিল নেকি। চুক্তি কাৰি আজি জেলত। বিটিআৰ চুক্তি মানে ভেকোভাওনা।