/asomiyapratidin/media/media_files/2025/09/13/cxcxcxc-2025-09-13-21-46-54.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনৰ বাবে শনিবাৰে বিপিএফ দলে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰে ৷ কোকৰাঝাৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত নিশা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৯৮ টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/whatsapp-image-2025-09-13-21-47-15.jpeg)
বিটিচিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সমউন্নয়ন ,ভূমিপট্ৰা প্ৰদান, বিটিচিবাসী সকলো জাতি জনগোষ্ঠীৰ বাবে অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা কৰা ,ভিচিডিচি নিৰ্বাচনত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণ সুুনিশ্চিত কৰা, ওদালগুৰিত মিনি বিটিচি সচিবালয় স্থাপনৰ ব্যৱস্থা কৰাকে ধৰি মুঠ ৯৮ টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰিছে হাগ্ৰামা মহিলাৰীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us