/asomiyapratidin/media/media_files/2025/09/05/bpf-05-2025-09-05-11-21-13.jpg)
ডিজিটেল সংবাদ বাক্সাঃ বিটিআৰত চলিছে পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলে গাঁৱে-গাঁৱে, চুবুৰীয়ে-চুবুৰীয়ে অনুষ্ঠিত কৰিছে সৰু-বৰ নিৰ্বাচনী প্ৰচাৰ সভা। ব্যতিক্ৰম নহয় সোতৰ বছৰে বিটিচিৰ শাসনৰ বাঘজৰী হাতত ৰখা বিপিএফ দলো।
ব্যতিক্ৰম নহয় মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়ো। বৃহস্পতিবাৰে নিশা মুছলপুৰ সমষ্টিৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে।
তেওঁ কয় যে, বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত তেওঁ মুছলপুৰ সমষ্টিত জয়ী হ'ব। বৰ্তমানৰ বিটিচিৰ কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মক ৰাইজে আৰু আদৰি নলয়। ৰাকেশ ব্ৰহ্মই মুখত যি আহে তাকে কয়।
অনচুমৈ খুংগুৰ বড়োৱে আৰু কয়, ইউ পি পি এলে হাগ্ৰামা মহিলাৰীক যেনেকৈ গালি পাৰে তেনেকৈ কিন্তু বিপিএফে প্ৰমোদ বড়োক গালি নিদিয়ে। ইফালে ফেৰেংগা ওৰফে ৰণজিৎ বসুমতাৰীৰ নিযুক্তি কেলেংকাৰী আৰু প্ৰমোদ বড়োৰ কিতাপ কেলেংকাৰী সন্দৰ্ভতো সৰৱ হৈ পৰে অনচুমৈ খুংগুৰ বড়ো।