বিপিএফৰ আশীৰ্বাদ সমদল আৰু ৰাজহুৱা সভাঃ কাৰো সৈতে মিত্ৰতা নকৰাৰ কথা ঘোষণা হাগ্ৰামাৰ

বি টি আৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আজি ওদালগুৰি জিলাৰ পাঁচটা পৰিষদীয় সমষ্টি সামৰি এক আশীৰ্বাদ যাত্ৰা তথা ৰাজহুৱা সভা অনুষ্ঠিত কৰে বিপিএফে। অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে।

author-image
Asomiya Pratidin
New Update
বিপিএফৰ আশীৰ্বাদ সমদল আৰু ৰাজহুৱা সভাঃ কাৰো সৈতে মিত্ৰতা নকৰাৰ কথা ঘোষণা হাগ্ৰামাৰ

ডিজিটেল সংবাদ ওদালগুৰিঃ বিটিআৰ নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে মাজত মাথো কেইটিমান দিন বাকী থকাৰ সময়তে প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে। আজি ওদালগুৰি জিলাৰ পাঁচটা পৰিষদীয় সমষ্টি সামৰি এক আশীৰ্বাদ যাত্ৰা তথা ৰাজহুৱা সভা অনুষ্ঠিত কৰে বিপিএফে। 

সেই উপলক্ষে বিয়লি ওদালগুৰি গোলমাগাঁৱৰ পৰা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এক বিশাল সমদল বাহিৰ কৰে ৰাজনৈতিক দলটোৱে। ইয়াৰ পাছত সমদলটো ওদালগুৰি চহৰ পৰিভ্ৰমণ কৰি নলবাৰী খেলপথাৰত সামৰণি মাৰে। ইয়াৰ পাছত নলবাৰী খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে। 

তেখেতে আগন্তুক নিৰ্বাচনৰ পিছত বিপিএফে চৰকাৰ গঠন কৰাৰ দাবী কৰি চৰকাৰ গঠনৰ পিছত ৰাইজৰ বাবে কি কি আঁচনি গ্ৰহণ কৰে সেই বিষয়ে উল্লেখ কৰে। ইফালে সাংবাদিকৰ সন্মুখত মন্তব্য কৰি বিপিএফ প্ৰধানগৰাকীয়ে কয়-আজি যি উদ্দেশ্যৰে আশীৰ্বাদ সমদল উলিয়াইছিলো তাত আমি সফল হৈছো। ইয়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আছে। ওদালগুৰি নিৰ্বাচনী জিলাৰ পাঁচোটা সমষ্টিতে আমি জয়ী হম লগতে সমগ্ৰ ওদালগুৰি জিলাখনৰ ১০ টা সমষ্টিতে আমি জয়ী হম। 

প্ৰমোদ বড়োৱে ওদালগুৰিৰ এখনো আসনত নিজিকে। আগন্তুক বিটিআৰ নিৰ্বাচনত আমি কেনেকৈ চৰকাৰ গঠন কৰিব পাৰো তাৰ বাবে কাম কৰি আছো। ইফালে প্ৰিয়া বসুমতাৰী হত্যাকাণ্ড সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰো বুলি মহিলাৰীয়ে উল্লেখ কৰি আইনে সকলো দ্বায়িত্ব ল'ব বুলি প্ৰকাশ কৰে।

ইফালে বিপিএফে চৰকাৰ গঠন কৰিলে বিটিআৰৰ জনসাধাৰণক ভূমিপট্টা প্ৰদান কৰাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে এশকোটি টকা, আত্মসহায়ক গোটৰ বাবে ৪০ কোটি টকা, দৰিদ্ৰ লোকৰ বাবে ৫০ কোটি টকা ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে। বিপিএফে চৰকাৰ গঠন কৰিলে ওদালগুৰিত মিনি সচিবালয় গঠনৰ কথা ঘোষণা কৰি মহিলাৰীয়ে ইয়াৰ জৰিয়তে ওদালগুৰিৰ লগতে সমীপৱৰ্তী অঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি উল্লেখ কৰে।

লগতে মহিলাৰীয়ে কয়, আমি কাৰো সৈতে মিত্ৰতা নকৰো। আমি আগন্তুক বিটিআৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিম। গতিকে কাৰো লগত আমাৰ মিত্ৰতা নাই। এতিয়া নিৰ্বাচনৰ সময়ত বিজেপি, কংগ্ৰেছ, ইউপিপিএল সকলোৱে জিকাৰ বাবে বহুত কথা ক'ব। আমি কিন্তু সত্য কথাহে প্ৰচাৰ কৰি আছো। আজি আমাৰ এই সমদলত কিমান মানুহ হৈছে তাৰ হিচাপ নাই। 

তেওঁ কয়- প্ৰমোদ বড়োৰ চৰকাৰ আৰু মাত্ৰ পাঁচ দিন আছে। যদিহে ২৫ আগষ্টত নিৰ্বাচনী দিন ঘোষণা তথা অধিসূচনা জাৰি হয়, তেন্তে তাৰ পিছত আৰু প্ৰমোদ বড়োৰ চৰকাৰ নাই। অহা নিৰ্বাচনৰ পিছত বিটিচিত বিপিএফৰ চৰকাৰ হ'ব। আমি অকলেই ২০ খনতকৈ অধিক আসন লাভ কৰিম। 

আনকি চৰকাৰ গঠন কৰিলেও বিজেপিক লগত নাৰাখে বুলি মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইফালে ভিচিডিচি সন্দৰ্ভত মন্তব্য কৰি মহিলাৰীয়ে কয়- ভিচিডিচি ভঙা বস্তু নেকি? ভিচিডিচি লোহাও নহয়, খৰিও নহয়। আমি ভিচিডিচি নাভাঙো। আজি বিপিএফৰ এই কাৰ্যসূচীৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি ড° জয়ন্ত কুমাৰ ভট্টাচাৰ্য, ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মঃ ছাইফুল হকৰ লগতে কেইবাগৰাকীও লোকে বিপিএফত যোগদান কৰে। 

আজি বিপিএফৰ এই কাৰ্যসূচীত বিধায়ক চৰণ বড়ো, পাৰিষদ ফ্ৰেছ মোচাহাৰী, প্ৰাক্তন মন্ত্ৰী তথা দলটোৰ ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী ৰিহন দৈমাৰীৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিপিএফ নেতা উপস্থিত থাকে।

ওদালগুৰি বি টি আৰ হাগ্ৰামা মহিলাৰী বি পি এফ