কাইলৈ পৰা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী

গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া ঐতিহ্য সুঁৱৰি শুকুৰবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী মহোৎসৱ ভাগি উদযাপন কৰা হ'ব

author-image
Asomiya Pratidin
New Update
636

ডিজিটেল সংবাদ, বটদ্ৰৱা : গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া ঐতিহ্য সুঁৱৰি শুকুৰবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী মহোৎসৱ ভাগি উদযাপন কৰা হ'ব। মহাৰজত জয়ন্তী মহোৎসৱৰ কিছুক্ষণৰ পূৰ্বে বৃহস্পতিবাৰে সংবাদমেলযোগে ৰাইজৰ উপস্থিতি কামনা কৰিছে বিদ্যালয়ৰ অধ্যক্ষা তথা উদযাপন সমিতিৰ সম্পাদক হীৰামণি বৰুৱা আৰু সভাপতি উপেন চন্দ্র কলিতাই।

কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা ৯ বজাত বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ স্মৃতি বহনকাৰী নৱনিৰ্মিত স্মৃতিসৌধ উন্মোচন কৰিব বিধায়ক তথা মহাৰজত জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মাই। ৯.১৫ বজাত বন্তি প্ৰজ্বলন, ৯.৩০ বজাত শ্বহীদ তৰ্পণ আৰু ৯.৪৫ বজাত বিদ্যালয়ৰ প্ৰয়াত প্ৰতিষ্ঠাপক, দাতা, শিক্ষাগুৰু, কৰ্মচাৰী, শিক্ষাৰ্থী সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব।

১০ বজাত মূল পতাকা উত্তোলন কৰাৰ লগে লগে বিশিষ্ট ব্যক্তি, ভূমিদাতা, প্ৰাক্তন শিক্ষাগুৰু, কৰ্মচাৰীসকলৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন কৰা হ'ব। ১০.৩০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, ১০.৪৫ বজাত ভেলাঘৰৰ আৰ্হিত নিৰ্মিত অস্থায়ী নামঘৰত আসন প্ৰতিষ্ঠা, লগে লগে নামপ্ৰসংগ আৰু প্ৰসাদ বিতৰণ কৰা হ'ব।

১১.৪৫ বজাৰ পৰা সদৌ অসম ভিত্তিত বিদ্যালয় পৰ্য্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা, পিঠা পনা প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত বিদ্যালয় পৰ্য্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২ বজাৰ পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ দ্বাৰা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

আনহাতে ৫ বজাত সমূহীয়া বন্তি প্ৰজ্বলন আৰু ৬ বজাৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া ভাওনা ৰুক্মিণী হৰণ পৰিবেশন কৰা হ'ব। আনহাতে ১৭ জানুৱাৰীত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন অনুষ্ঠিত হ'ব আৰু ১৮ জানুৱাৰী, ৰবিবাৰে দিনৰ ২.০০ বজাত মুকলি সভা অনুষ্ঠিত হ'ব আৰু ৮.০০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীতৰ শৰাই আগবঢ়াব।

বটদ্ৰৱা