যুৱ সাংবাদিক সন্থাৰ ২০২৫ বৰ্ষৰ বঁটা ঘোষণা

অহা ১৫ ফেব্ৰুৱাৰীত যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত গুৱাহাটীত প্ৰদান কৰিব এই বঁটা ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  অসমৰ সকলো সাংবাদিক সংগঠনৰ উমৈহতীয়া সংগঠন যুৱ সাংবাদিক সন্থা অসমে ২০২৫ বৰ্ষৰ ৰাজ্যৰ বিশিষ্ট সাংবাদিক আৰু দক্ষ যুৱ সাংবাদিকৰ বাবে বিভিন্ন বঁটা ঘোষণা কৰিছে ৷ অহা ১৫ ফেব্ৰুৱাৰীত যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত গুৱাহাটীত প্ৰদান কৰিব এই বঁটা ৷ সক্ৰিয়তাৰে ৰাজ্যৰ সাংবাদিক ক্ষেত্ৰ বা দেশৰ সংবাদক্ষেত্ৰলৈ এক নিষ্ঠতাৰে সেৱা আগবঢ়োৱা সাংবাদিক সকলক প্ৰতিবছৰে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত বঁটা আৰু সন্মানেৰে সন্মানিত কৰি আহিছে ৷

উল্লেখ্য যে, চলিত বৰ্ষত যুৱ সাংবাদিক সন্থা অসমে ঘোষণা কৰা বঁটা সমূহ এনেধৰণৰঃ-

  • বিশেষ সম্বৰ্দ্ধনা -বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইন 
  • সংবাদ শিৰোমণি সন্মান -শচীন গগৈ বি বি চি ইণ্ডিয়া
  • বৰ্ষ শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা -বনজিৎ ঠাকুৰীয়া ,অসমীয়া প্ৰতিদিন 
  • সাহিত্য সংস্কৃতিৰ শিতানত বৰ্ষশ্ৰেষ্ঠ  সাংবাদিকতাৰ বঁটা - বশিষ্ঠদেৱ ফুকনক
  • শ্ৰেষ্ঠ ফটো সাংবাদিক -ৰেব বৰা,দৈনিক জনমভূমি
  • পৰিৱেশ-পৰ্যটন গ্ৰাম্য সাংবাদিকতা বঁটা  - পাপুল গগৈ (দৈনন্দিন বাৰ্তা)

2baba393-e581-431e-87cd-d783164abebd

যুৱ সাংবাদিক সন্থা