/asomiyapratidin/media/media_files/2026/01/02/5f327542-44aa-492c-845f-0b821b98822c-2026-01-02-09-41-25.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ নৱবৰ্ষৰ পহিলা দিনটোতে শতবৰ্ষত ভৰি থ'লে নগাঁৱৰ বৰজহা মজলীয়া বিদ্যালয়ে । ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনিৰ শতবৰ্ষৰ উপলক্ষে কালি বিয়লি বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় 'শিপাৰ সন্ধানত' শীৰ্ষক এক মত বিনিময়ৰ অনুষ্ঠান । শতবৰ্ষ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক তথা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এ এন আইৰ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে ।
অনুষ্ঠানটিত শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ দুৰ্লভ বৰুৱা, কাৰ্যকৰী সভাপতি ঘন দাস, অন্যতম উপ সভাপতি প্ৰবীন মজুমদাৰ, সম্পাদক গৌৰীশংকৰ বৰাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক টংকেশ্বৰ দাস, লৱকান্ত শৰ্মা, সক্ৰিয় ৰাজহুৱা কৰ্মী ভদ্ৰেশ্বৰ হাজৰিকা, অনিল হাজৰিকা, লক্ষ্যব্ৰত বৰঠাকুৰ, প্ৰদীপ বৰা বায়ন, লক্ষণ খাটনিয়াৰ, বিদ্যালয় প্ৰধান তৰুণ চন্দ্ৰ দাস, শিক্ষক দিব্যলোচন বৰুৱা, গাঁওপ্ৰধান শশীকান্ত দাস আদিয়ে শিপাৰ প্ৰসংগত ঐতিহ্য স্মৰণ কৰি ইতিহাসসম্বলিত বক্তব্য প্ৰদান কৰে ।
শতিকা প্ৰাচীন বিদ্যালয়খনত বৰ্তমান কৰ্মৰত সমূহ শিক্ষক-কৰ্মচাৰী আৰু একাংশ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানটিত বক্তাসকল অতীত কাতৰতাত ডুব যোৱা পৰিলক্ষিত হয় । বিদ্যালয়ৰ পানী খোৱা ছুটীত কিদৰে বৰজহা সত্ৰৰ বাৰীত বগৰী পাৰি খাইছিল, কেনেকৈ ডেৱাচালি(বহত) গছৰ ফল বুটলি চিলথ মচা হৈছিল সেই কথাও ৰোমন্থন কৰাৰ উপৰিও বিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰৰ ব্যক্তিসকলৰ দূৰদৰ্শিতা আৰু বিদ্যালয়ৰ ভূমিদাতাৰ বদান্যতাক শ্ৰদ্ধাৰে স্মৰণ কৰে । আনহাতে বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকলৰ ত্যাগৰ প্ৰতিও শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয় ।
দুঘণ্টীয়া গাম্ভীৰ্যপূৰ্ণ মত বিনিময়ৰ অনুষ্ঠানটিৰ পৰিসমাপ্তিৰ পিছতেই বিদ্যালয়ৰ চৌহদত এশগছি বন্তি প্ৰজ্বলন কৰা হয় । শিক্ষানুষ্ঠানখনত অধ্যয়নৰত একাংশ ছাত্ৰ-ছাত্ৰীয়ে ঘোষা পৰিৱেশন কৰি এই অনুষ্ঠাটিক এক অন্যন্য মাত্ৰা প্ৰদান কৰে । শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্লভ বৰুৱাই বিদ্যালয়ৰ চৌহদৰ পূৱ দিশৰ প্ৰথমগছ বন্তি প্ৰজ্বলন কৰে ।
ইয়াৰ পিছতে যথাক্ৰমে কাৰ্যকৰী সভাপতি ঘন দাস, দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক টংকেশ্বৰ দাস, লৱকান্ত শৰ্মা, বিদ্যালয় প্ৰধান তৰুণ চন্দ্ৰ দাস, অন্যতম উপ সভাপতি প্ৰবীন মজুমদাৰ, দুৰ্লভ বৰা, সম্পাদক গৌৰীশংকৰ বৰা, বিত্ত সম্পাদক পৰাগ বৰা, কাৰ্যালয় সম্পাদক বাবুল বৰা, সমাজকৰ্মী হেম হাজৰিকা, অনিল হাজৰিকা, ভদ্ৰেশ্বৰ হাজৰিকা, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সভাপতি বিতোপন দাস আদিকে ধৰি উপস্থিত সকলোৱে সন্ধিয়া বন্তি প্ৰজ্বলন কৰি শিক্ষানুষ্ঠানখনৰ চৌহদ আলোকিত কৰি তোলে ।
উল্লেখ্য যে, ১৯২৭ চনতে বৰজহা অঞ্চলৰ একাংশ দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল বৰজহা মজলীয়া বিদ্যালয় । নগাঁৱৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খন হৈছে অঞ্চলটোৰ প্ৰাচীন শিক্ষানুষ্ঠান । বিদ্যালয়ৰ নতুন একাডেমিক কেলেণ্ডাৰ প্ৰকাশ হোৱাৰ লগে লগেই শতবৰ্ষ উৎসৱৰ বৰ্ষজোৰা অনুষ্ঠানৰ কাৰ্যসূচী আৰু তাৰিখ নিৰ্দ্ধাৰণ কৰা হ'ব বুলি উদযাপন সমিতিৰ পৰা জানিব পৰা গৈছে ।
বৰজহা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ অনুষ্ঠানত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষী, অভিভাৱকৰ লগতে ৰাইজৰ সহযোগিতা কামনা কৰিছে শতবৰ্ষ উৎসৱ উদযাপন সমিতিয়ে । ইপিনে, কালি সন্ধিয়া শিক্ষানুষ্ঠানখনৰ চৌহদত এশগছ বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালভাৱে বৰজহা গাঁৱৰ প্ৰতিঘৰৰ পদূলি আৰু বাটচ'ৰাত এগছিকে বন্তি প্ৰজ্বলন কৰাৰ নান্দনিক দৃশ্যও আমাৰ পৰিলক্ষিত হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us