/asomiyapratidin/media/media_files/2025/11/23/7-2025-11-23-09-52-49.jpg)
ডিজিটেল ডেস্কঃ ৯৭ সংখ্যক বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱ সমিতিয়ে যোৱা ২০১৫ চনৰ পৰা প্ৰদান কৰি অহিছে ঐতিহাসিক আৰু অতি মৰ্য্যদা পূৰ্ণ আঠীয়াবাৰি সমন্বয় বঁটা অসমৰ জাতীয় জীৱনৰ এগৰাকী অন্যতম প্ৰহৰী ,ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰ প্ৰাপ্ত বিষয়া হেমেন দাসক । যোৱা ২২ নৱেম্বৰৰ নিশা ৰাস মহোৎসৱৰ এক বিশেষ অনুষ্ঠানত প্ৰদান কৰে তেওঁক এই বঁটা। অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে হেমেন দাসক প্ৰদান কৰে এই বঁটা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-2025-11-23-09-50-35.jpeg)
উল্লেখযোগ্য যে ,অসম চৰকাৰৰ এগৰাকী দক্ষ বিষয়া হিচাপে পৰিচিত হেমেন দাস অসমৰ প্ৰতিটো জাতীয় সমস্যাৰ লগত জড়িত গণ আন্দোলনৰ অগ্ৰণী নেতা হিচাপে জাতীয় জীৱনক উজ্জীৱিত কৰি আহিছে । তেওঁ সমগ্ৰ হাউলী বৰপেটাৰোড ,বৃহত্তৰ বৰনগৰ আৰু সামগ্ৰিক ভাবে বৰপেটা আৰু পশ্চিম অসমৰ সামাজিক , সাংস্কৃতিক জগত খনৰ লগত সংপৃক্ত হৈ থাকি অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে অহৰহ ভাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-image-2025-11-23-09-50-57.jpeg)
তাৰোপৰি তেওঁ এগৰাকী বিশিষ্ট স্তম্ভ লেখক,অভিনেতা ,তাৰ্কিক ,বসু বক্তা ,আবৃত্তিকাৰ আৰু খেলুৱৈ হিচাপেও ৰাজ্য খনলৈ সুনাম কঢ়িয়াই আনিছে। সম্প্ৰতি হাউলী ৰাস মহোৎসৱৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি হাউলী ৰাস মহোৎসৱক সমগ্ৰ ভাৰত বৰ্ষৰ এক অনন্য আধ্যাত্মিক আৰু সাংস্কৃতিক মহোৎসৱৰ মৰ্য্যদা প্ৰদান কৰাত অতি চমকপ্ৰদ সফলতা অৰ্জন কৰিছে।
প্ৰাণিধানযোগ্য যে আজিৰ সমাজ ব্যৱস্থাক সঠিক দিশত আগুৱাই নিয়াৰ বাবে অগ্ৰণী ভূমিকা পালন কৰা এনে এগৰাকী দক্ষ ব্যক্তিক সমগ্ৰ নামনি অসমৰ বাণিজ্যিক চহৰ হিচাপে পৰিচিত বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিযে তেওঁক এই বঁটা প্ৰদান কৰা বাবে অঞ্চলটোৰ বিভিন্ন সাগঠন আৰু ৰাইজে বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱক উদযাপন সমিতিক ধন্যবাদ জনোৱাৰ লগতে হেমেন দাসক অভিনন্দন আৰু শুভেচ্ছা জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us