তৰেণ বড়োৰ মৃত্যুত বড়ো সাহিত্য সভাৰ শোক প্ৰকাশ

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ দেহাৱসান। ৭১ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক-সংগঠক-লেখক-গৱেষকগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-14 at 9.20.45 PM

ডিজিটেল ডেস্কঃ হঠাৎ অসমবাসীৰ বাবে আহিল এক দুঃখবৰ। বিশিষ্ট সাহিত্যিক তৰেণ বড়োই মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰে দিনৰ ২.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। মৃত্যুৰ সময়ত বিশিষ্ট সাহিত্যিকগৰাকীৰ বয়স আছিল ৭০ বছৰ। উল্লেখ্য যে, শনিবাৰে হঠাতে তেওঁ অসুস্থ হৈ পৰাৰ পাছত তেওঁক দিনৰ ২ বজাত ভৰ্তি কৰা হৈছিল উইন্ট্ৰ'ৱ হাস্পতালত। কিন্তু বিয়লি ২ বাজিত ৫৪ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, তেওঁ আক্ৰান্ত হৈ আছিল ক্ৰণিক, নিউমনিয়া ৰোগত।

WhatsApp Image 2026-02-14 at 7.50.11 PM

তৰেণ বড়োৰ মৃত্যুৰ পাছতে হাস্পতাল চৌহদত বৌদ্ধিক, সাহিত্য জগতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে আত্মীয় লোকসকলে প্ৰাৰম্ভিকভাৱে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট মৌন ব্ৰত অৱলম্বন কৰে। তাৰ পাছত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় খাৰঘূলিৰ ওপৰ লুইতপুৰস্থিত বাসগৃহলৈ। 

WhatsApp Image 2026-02-14 at 8.45.34 PM

উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমিৰ বড়ো ভাষাৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক বিশিষ্ট সাহিত্যিক-সংগঠক-লেখক-গৱেষক তৰেণ বড়োৰ মৃত্যুত বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক-সংগঠক-লেখক-গৱেষক তৰেণ বড়ো এজন সু-সাহিত্যিক  হোৱাৰ লগতে এজন উচ্চ পৰ্যায়ৰ অভিনেতাও আছিল। বড়ো আৰু অসমীয়া চিনেমা জগতো তেওঁ সাংস্কৃতিক উন্নয়নৰ দিশত বহু অৱদান  আগবঢ়াইছে। 

জীৱন কালত তেওঁ বড়ো আৰু অসমীয়া ভাষাৰে লিখা বহু সাহিত্য সৃষ্টি কৰি গ'ল । তেওঁৰ এনেহেন আকস্মিক মৃত্যুত বড়ো জাতিৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ ভাষা- সাহিত্য উন্নয়ন আৰু সমাজত যি অৱদান আগবঢ়াইছিল তাৰ বাবে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কৰি বড়ো সাহিত্য সভাই আগন্তুক ৭ দিনলৈ বড়ো সাহিত্য সভাৰ সংবিধান অনুসৰি কেন্দ্ৰীয় কাৰ্যালয়ৰ লগতে সমূহ জিলা আৰু প্ৰাথমিক সাহিত্য সভাৰ কাৰ্যালয়ত বড়ো সাহিত্য সভাৰ পতাকা অৰ্ধ নিৰ্মিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

তৰেণ বড়ো