বড়ো ভাষাৰ প্ৰথম বোলছবি " আলায়াৰণ"ৰ অভিনেত্ৰী ৰামানী বসুমতাৰীৰ দেহাৱসান

প্ৰথম বড়ো পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ “আলায়াৰণ”ত হাংমাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী ৰামানী বসুমতাৰীয়ে বৰপেটা মেডিকেল কলেজ আৰু হাস্পাতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-02 at 10.43.33 PM

ডিজিটেল ডেস্কঃ প্ৰথম বড়ো পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী বোলছবি “আলায়াৰণ”ত হাংমাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী ৰামানী বসুমতাৰীয়ে বৰপেটা মেডিকেল কলেজ আৰু হাস্পাতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ পূৰ্বে তেওঁ একমাত্ৰ পুত্ৰ,বোৱাৰী, নাতি-নাতিনী আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়। তেওঁৰ মৃত্যুত সাংস্কৃতিক জগতত গভীৰ শূণ্যতাৰ সৃষ্টি হোৱাৰ লগতে গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত।

WhatsApp Image 2026-02-02 at 10.41.27 PM


 উল্লেখ্য যে,বড়ো চলচ্চিত্ৰ জগতত ৰামানী বসুমতাৰীয়ে এক বহু অৱদান আগবঢ়াই থৈ গৈছে। ইয়াৰ উপৰিও ৰামানী বসুমতাৰী নাটক আৰু থিয়েটাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰতো অভিনয় কৰিছিল। নিজ প্ৰতিভাৰে দৰ্শকক মোহিত কৰি ৰখা ৰামানী বসুমতাৰীৰ বিয়োগত বড়ো সাহিত্য-সংস্কৃতি আৰু নাট্যজগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি বিবেচিত হৈছে ।  ইয়াৰ লগতে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে প্ৰথম বড়ো পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ “আলায়াৰন”ত হাংমাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ৰামানী বসুমতাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

WhatsApp Image 2026-02-02 at 10.41.26 PM

বড়ো