বৰখলাত তিনি শতাধিকৰ‌ অগপত‌ যোগদান...

২০২৬ চনৰ‌ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কাছাৰতো বিধায়ক নিৰ্বাচিত কৰিবলৈ উঠিপৰি লাগিছে অসম গণ পৰিষদ দলে। ইতিমধ্যে দলক শক্তিশালী কৰি দুই এজন বিধায়ক নিৰ্বাচিত কৰিবলৈ বেচ আগতীয়াকৈ

author-image
Asomiya Pratidin
New Update
ujjjddd

ডিজিটেল সংবাদ শিলচৰ: ২০২৬ চনৰ‌ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কাছাৰতো বিধায়ক নিৰ্বাচিত কৰিবলৈ উঠিপৰি লাগিছে অসম গণ পৰিষদ দলে। ইতিমধ্যে দলক শক্তিশালী কৰি দুই এজন বিধায়ক নিৰ্বাচিত কৰিবলৈ বেচ আগতীয়াকৈ চেষ্টা চলাইছে আঞ্চলিক দলটোৱে।‌

২০২৬ চনৰ‌ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰখলা সমষ্টিত তিনি শতাধিক লোকে অন্য দল ত্যাগ কৰি অসম গণ পৰিষদত‌ যোগদান কৰিছে। বৰখলাৰ দীৰ্ঘদিনৰ বিজেপি কৰ্মী ৰাতুল চক্ৰৱৰ্তীয়ে বিজেপি ত্যাগ কৰি  দেওবাৰে তিনি শতাধিক সমৰ্থকক লগত লৈ অগপত যোগদান কৰে।

অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুজিত দেৱ,কাছাৰ জিলা অগপৰ প্ৰাক্তন জিলা সভাপতি কবীৰ আহমেদ বৰভুঞা কেন্দ্ৰীয় নেত্ৰী আয়েশা চৌধুৰী সহ কেবাজনো অগপ নেতাৰ উপস্থিতিত ৰাতুল চক্ৰৱৰ্তীয়ে দলবল লৈ অগপত যোগদান কৰে।

বৰ্তমান কংগ্ৰেছৰ দখলত থকা বৰখলা সমষ্টিত কোনো উন্নয়ণ নোহোৱা বাবেই তেওঁ বিজেপিৰ মিত্ৰজোঁট অগপত যোগদান কৰা বুলি মন্তব্য কৰে ৰাতুল চক্ৰৱৰ্তীয়ে। আনহাতে, ২০২৬ চনত ৰাজ্যত পুনৰ বিজেপি আৰু অগপ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰি সুজিত‌ দেৱ আৰু কবীৰ আহমেদ বৰভুঞাই কয় যে বৰখলাৰ উন্নয়নৰ স্বাৰ্থত ২০২৬ চনত বৰখলা সমষ্টিত এজন অগপ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দলক দাবী জনাব। 

অগপ অগপ চৰকাৰ