/asomiyapratidin/media/media_files/2026/02/04/54-2026-02-04-23-20-48.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : 'অর্বাচীন' নাট্য গোষ্ঠীৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত নাট্যকর্মী দীপক দাস সোঁৱৰণী নাটৰ এসন্ধ্যা অহা ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭-৩০ বজাত আমৰাঙ্গা-বৰিহাটস্থিত ত্ৰিধাৰা আঞ্চলিক কলা সংঘত অনুষ্ঠিত কৰা হ'ব। এই উপলক্ষে ঐছাঁ-বৰিহাটৰ নিবেদন কৰা হ'ব নাটক অপৰাজিত।
এই নাটখনিৰ ৰচনা পংকজজ্যোতি ভূঞাৰ, পৰিচালনা বলেন চৌধুৰীৰ আৰু গুৱেৰ্ণিকাৰ নিবেদন কৰা হ'ব নিংনি ভাউৰা এণ্ড কোম্পানী নাটখনি। এই নাটখনিৰ ৰচনা নৰেন পাটগিৰিৰ।
পৰিচালনা অপু-ৰূপমৰ। সামগ্ৰীক পৰিকল্পনা হিমাংশু প্ৰসাদ দাসৰ। এই উপলক্ষে সেইদিনা নাট্যকৰ্মী দীপক দাসলৈ শ্ৰদ্ধা জনোৱাৰ লগতে এই নাট দুখনি উপভোগ কৰাৰ বাবে সদাশয় দৰ্শক,শুভাকাংক্ষী,নাট্যপ্ৰেমীৰ সহায়-সহযোগ আৰু উপস্থিত আন্তৰিকতাৰে কামনা কৰিছে অৰ্বাচীন নাট্য গোষ্ঠীৰ সভাপতি মঃ ৰেকৰ্ড আলী, সম্পাদক ভৱেশ দাসৰ লগতে আন সহযোগী হিমাংশু প্ৰসাদ দাস, ভোগেশ্বৰ দাস, গজেন্দ্ৰজিত দাস,প্ৰাণেশ্বৰ কলিতা,বলেন চৌধুৰী,পৱন মহন্ত আদিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us