/asomiyapratidin/media/media_files/2026/01/24/bokkfairborhola-2026-01-24-18-58-02.jpg)
ডিজিটেল সংবাদ, ঘিলাধাৰীঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ বৰহোলা আঞ্চলিক সমিতি উদ্যোগত, বৰহোলা মহাবিদ্যালয় কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ সহযোগত আৰু বৰহোলাবাসীৰ প্ৰেৰণাত বৰহোলা মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈছে সপ্তদশ বৰ্ষ বৰহোলা গ্ৰন্থমেলা৷
৬ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাত অসমৰ ভালে কেইটা গ্ৰন্থ প্ৰকাশন গোষ্ঠী তথা বিপনীয়ে অংশগ্ৰহণ কৰিছে৷ গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন শৈক্ষিক, সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
এই গ্ৰন্থমেলাৰ বাকৰিতে সাহিত্যিক, সমাজ সংগঠক তথা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ মানিক শইকীয়াক সাহিত্য সুহৃদ উপাধি প্ৰদান কৰা লগতে উদীয়মান কবি দিপুল পাঠকৰ “ ইতি তোমাৰ মৰমৰ" নামৰ কবিতা পুথিখন উন্মোচন কৰা হয়৷ উল্লেখ্য যে, ২১ জানুৱাৰী পৰা ৬ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গ্ৰন্থমেলা ২৬ জানুৱাৰী দিনা অন্ত পৰিব৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us