বৰহোলা গ্ৰন্থমেলা আৰম্ভ

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিকৰ উদ্যোগত আৰু বৰহোলা মহাবিদ্যালয় গ্ৰন্থাগাৰৰ সহযোগত বৃহস্পতিবাৰৰ পৰা সপ্তদশ বার্ষিক বৰহোলা গ্রন্থমেলা শুভাৰম্ভ হয়

author-image
Asomiya Pratidin
New Update
new ap web book

বৰহোলা গ্ৰন্থমেলা

ডিজিটেল সংবাদ, বেকাজান : বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিকৰ উদ্যোগত আৰু বৰহোলা মহাবিদ্যালয় গ্ৰন্থাগাৰৰ সহযোগত বৃহস্পতিবাৰৰ পৰা সপ্তদশ বার্ষিক বৰহোলা গ্রন্থমেলা শুভাৰম্ভ হয়। বৰহোলা মহাবিদ্যালয়ৰ বাকৰিত ২১ জানুৱাৰী পৰা ২৬ জানুৱাৰীলৈ সাতদিননীয়াকৈ অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ  পুৱা পতাকা উত্তোলন কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সভাপতি দেৱজিত পাঠকে।  

WhatsApp Image 2026-01-22 at 9.10.21 AM

ইয়াৰ পিছত গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰে সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন গগৈয়ে । সপ্তদশ গ্ৰন্থমেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আউনীআটি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ মাধুৰ্য মণ্ডিত বৰুৱা । 

আনহাতে গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতা উদ্বোধন কৰে বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ খাউণ্ডে।  দুপৰীয়া প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয়মোহন সন্দিকৈয়ে।

WhatsApp Image 2026-01-22 at 9.10.19 AM

সন্ধিয়া  আউনীআটি বিশ্ববিদ্যালয়ৰ প্ৰধ্যাপক ড০ মাণিক শইকীয়াৰ সঞ্চালনাত কবিতাৰে জীপাল হওক গ্ৰন্থমেলাৰ বাকৰি শীৰ্ষক কাব্যানুষ্ঠান অনুষ্ঠিত হয়।  কবিতা অনুষ্ঠানত কুৰি গৰাকী নবীন প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে।

গ্ৰন্থমেলা