দুৰাৰোগ্য ৰোগত আক্ৰান্ত বৰদলনিৰ পৰীক সহায়ৰ প্ৰয়োজন...

সমাজসেৱক নন্দীগিৰি ভূঞাৰ আৰ্থিক সাহায্য

author-image
Asomiya Pratidin
New Update
দুৰাৰোগ্য ৰোগত আক্ৰান্ত বৰদলনিৰ পৰীক সহায়ৰ প্ৰয়োজন...

ডিজিটেল সংবাদ ,ধেমাজিঃ বিগত কিছুদিনৰ পৰাই দূৰ্ৰাগ্যৰোগত ভূগি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বৰদলনি ভকত গাওঁৰ ৰিংকু গগৈৰ আঠ বছৰীয়া একমাত্ৰ কন্যা তথা বৰদলনি শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেনীৰ ছাত্ৰী পৰী গগৈক চিকিৎসাৰ বাবে এগৰাকী সমাজসেৱকে আৰ্থিকভাৱে সহায় বঢ়োৱা মহানুভৱতা খবৰে সমগ্ৰ বৰদলনিবাসীয়ে সন্তুষ্টি ব্যক্ত কৰিছে।

Advertisment

উল্লেখ্য যে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কনমানি পৰীক চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন হৈছে লক্ষাধিক টকা। পিতৃয়ে দিন হাজিৰা কৰি খেতিবাতি কৰিয়ে পৰিয়ালটি পোহপাল দি আহিছে যাৰ বাবে ব্যয় সাধ্য নহয় এই বৃহত পৰিমাণৰ ধন।

বৰদলনি আঞ্চলিক ছাত্ৰ সন্হাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ ৰাইজে কনমানি পৰীক আৰোগ্য কৰিবলৈ বহুজনে সহায়ৰ হাত আগবঢ়াই থকাৰ মাজতে দেওবাৰে কনমানি পৰীক সহায় কৰিবলৈ আগবাঢ়ি আহিল চিচিবৰগাৱৰ বিশিষ্ট ব্যবসায়ী তথা সমাজ সেৱক নন্দীগিৰি ভূঞাই৷ পৰিয়ালৰ গৃহত গৈ কনমানি পৰী চিকিৎসাৰ বুজ লোৱা লগতে চিকিৎসাৰ বাবে সমাজসেৱক নন্দীগিৰি ভূঞাঁই আগবঢ়ালে নগদ পঞ্চাশ হাজাৰ টকা।

বৰদলনি আঞ্চলিক ছাত্ৰ সন্হাকে ধৰি অঞ্চলৰ বহুকেইজন গণ্যমান্য ব্যক্তি আৰু ৰাইজৰ উপস্থিতত সমাজসেৱক ভূঞাঁই পৰীৰ ককাকৰ হাতত অৰ্পন কৰিলে এই ধনৰাশি ৷ এনে বিপদৰ সময়ত কনমানি পৰীক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়োৱাত বৰদলনি অঞ্চলবাসী ৰাইজে তেওঁক শলাগ লৈছে ৷

বৰদলনি