হাজোত সীমা বিবাদক কেন্দ্ৰ কৰি দলবদ্ধ আক্ৰমণ, এজনৰ মৃত্যু

সীমা বিবাদক কেন্দ্ৰ কৰি সংঘটিত এই ঘটনাত দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন লোক চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে।

author-image
Asomiya Pratidin
New Update
CCXCXCXC

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ কোৱাপুৰ অঞ্চলত সংঘটিত এক নৃশংস হত্যাকাণ্ডই চাঞ্চল্য সৃষ্টি কৰিছে। সীমা বিবাদক কেন্দ্ৰ কৰি সংঘটিত এই ঘটনাত দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন লোক চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰিছে। মৃত লোকজনক আব্দুল হুছেইন বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি, সীমা সংক্ৰান্তীয় বিবাদক লৈ নাজুম আলী, জাহেদুল আলী আৰু জেহৰুল ইছলাম নামৰ তিনিজন লোকে আব্দুল হুছেইনৰ ওপৰত দলবদ্ধ আক্ৰমণ চলায়। আক্ৰমণত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পিছলৈ চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়।

ঘটনাৰ পিছতেই অভিযুক্ত তিনিওজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। মৃতকৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

ইফালে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। আৰক্ষীয়ে অভিযুক্তসকলক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। এই ঘটনাটোৱে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰাৰ লগতে ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।

হাজো