পঞ্চায়ত প্ৰতিনিধি বাল্য বিবাহ ভুৱা শিক্ষাগত অৰ্হতাৰ লগত জড়িত থকাৰ অভিযোগ:

৫৩ নং বৰচাপৰি গাঁও পঞ্চায়তৰ এগৰাকী নিৰ্বাচিত পঞ্চায়ত সদস্যৰ বিৰুদ্বে বাল্য বিবাহ আৰু ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিলৰ দৰে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
পঞ্চায়ত প্ৰতিনিধি বাল্য বিবাহ ভুৱা শিক্ষাগত অৰ্হতাৰ লগত জড়িত থকাৰ অভিযোগ:

ডিজিটেল সংবাদ মৈৰাবাৰীঃ লাহৰীঘাট বিধানসভাৰ অধীনস্থ ৫৩ নং বৰচাপৰি গাঁও পঞ্চায়তৰ এগৰাকী নিৰ্বাচিত পঞ্চায়ত সদস্যৰ বিৰুদ্বে বাল্য বিবাহ আৰু ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিলেৰে পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অভিযোগ উৎত্থাপন হৈছে। পঞ্চায়তটোৰ অধীনস্থ আতাবুৰ ৰহমান নামৰ এজন সচেতন ব্যক্তিয়ে এই সন্দৰ্ভত যোৱা ১৪ জুলাই তাৰিখে লাহৰীঘাট সম জিলা আয়ুক্ত আৰু লাহৰীঘাট খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত এক লিখিত অভিযোগ দাখিল কৰে। 

Advertisment

আতাবুৰ ৰহমানৰ লিখিত অভিযোগৰ ভিত্তিত লাহৰীঘাট খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে বিষয়টো বিতংভাৱে তদন্ত কৰিবলৈ বৰচাপৰি গাঁও পঞ্চায়তৰ সচিব জয়চান্দ দাসক নিৰ্দেশ দিছিল। পঞ্চায়ত সচিব জয়চান্দ দাসে ৩ নং ৱাৰ্ডটোৰ পৰা নিৰ্বাচিত হোৱা সদস্যা নাৰগিছ চুলতানাৰ কন্যাৰ জন্মৰ বিতং তথ্য সংশ্লিষ্ট অংগনৱাদী কৰ্মী শিৰিন নাহাৰ আৰু আশা কৰ্মী জুবেদা খাতুনৰ পৰা নিয়মমাফিক বিচাৰে। 

অংগনৱাদী কৰ্মী আৰু আশা কৰ্মীয়ে জন্ম সংক্ৰান্তীয় কোনো তথ্য মজুত কৰি ৰখা নাই বুলি কৈ দায়সৰা মন্তব্য দিয়ে। পঞ্চায়ত সচিব, আশা কৰ্মী আৰু অংগনৱাদী কৰ্মীগৰাকীয়ে তথ্য বিভ্ৰান্তিৰে বিষয়টো গাপ দিয়াৰ চেষ্টা কৰা বুলিকৈ ক্ষোভ উজাৰে অভিযোগকাৰী আতাবুৰ ৰহমানে।নিৰ্বাচনী বিধি উলংঘা কৰি পঞ্চায়ত নিৰ্বাচনত ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ আৰু বাল্য বিবাহৰ লগত জড়িত থকাৰ সকলো তথ্য থকাৰ পিছতো একাংশ চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে নাৰগিচ চুলতানা নামৰ পঞ্চায়ত ৱাৰ্ড সদস্যাগৰাকীক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে। বিষয়টো সন্দৰ্ভত নৱ নিযুক্ত জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ হস্তক্ষেপ বিচাৰিছে একাংশই।

লাহৰীঘাট পঞ্চায়ত