কৃতি অধ্যাপক ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ অভিনন্দন গ্ৰন্থ ‘সব্যসাচী’ উন্মোচন

বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে এক বিশেষ মনোজ্ঞ অনুষ্ঠানৰ সাক্ষী হয় শৈক্ষিক, সাংস্কৃতিক আৰু সাহিত্যিক ক্ষেত্ৰত ব্যুপত্তি থকা প্ৰায় তিনি শতাধিক লোক

author-image
Asomiya Pratidin
New Update
55

ডিজিটেল সংবাদ ,বৰমা : বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে এক বিশেষ মনোজ্ঞ অনুষ্ঠানৰ সাক্ষী হয় শৈক্ষিক, সাংস্কৃতিক আৰু সাহিত্যিক ক্ষেত্ৰত ব্যুপত্তি থকা প্ৰায় তিনি শতাধিক লোক। বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, বিশিষ্ট গৱেষক পণ্ডিত, সাহিত্যিক তথা প্ৰাণী প্ৰভাকৰ ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ আশীতম জন্মদিন উপলক্ষে তেওঁৰ গুণমুগ্ধ, শুভাকাংক্ষী আৰু শিষ্যসকলে একান্ত আন্তৰিকতাৰে লিখি উলিওৱা ‘সব্যসাচী’ নামৰ অভিনন্দন গ্ৰন্থখনৰ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানটো শিল্পী মনোৰঞ্জন ভাগৱতীৰ মনোমোহা ঘোষাৰে আৰম্ভ হয়। তাৰ পিছতে ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ পিতৃ-মাতৃ আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত  পৱিত্ৰ বন্তি প্ৰজ্বলনৰ মাজেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

সংগীত শিল্পী ৰুমী দাসে নিজৰ সুৰীয়া কণ্ঠৰে গীত পৰিবেশন কৰি উপস্থিত অতিথিসকলক মুগ্ধ কৰে। পৰৱৰ্তী পৰ্যায়ত অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতিয়ে চেলেং, গামোচা, জাপি, শৰাই, গছপুলি, আৰু মানপত্ৰৰে ড° নৃপেন্দ্ৰ নাথ শৰ্মাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়।

WhatsApp Image 2025-10-26 at 9.40.22 PM (1)

গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক দিলীপ কুমাৰ হালৈয়ে আঁত ধৰা অনুষ্ঠানত গ্ৰন্থ সম্পাদনা সমিতি, অসম বিজ্ঞান সমিতি ,বৰমা শাখা, ষাঠি উৰ্ধৰ বজালীয়ান, বাক্সা প্ৰেছ ক্লাৱ, ধৰি বিভিন্ন জিলাৰ  বিভিন্নজন শুভাকাংক্ষী, ব্যক্তিকে ধৰি প্ৰায় কুৰিৰো অধিক অনুষ্ঠান-প্ৰতিষ্ঠানে নৃপেন্দ্ৰ নাথ শৰ্মাক সম্বৰ্ধনা জনায় । এই সম্বৰ্ধনা অনুষ্ঠানৰ সময়ত বক্তাসকলে তেওঁলোকৰ প্ৰিয় ব্যক্তিজনৰ জীৱন, মৎস্য গৱেষণা, সাহিত্যিক প্ৰতিভা আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ বিষয়ে বিস্তাৰিত আলোচনাও কৰে।

উল্লেখযোগ্যভাৱে, ‘সব্যসাচী’ নামৰ এই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়, নলবাৰীৰ প্ৰতিষ্ঠাপক উপাচাৰ্য তথা সাহিত্য অকাডেমি বঁটা লাভ কৰা ড° দীপক কুমাৰ শৰ্মাই। তেওঁ নিজৰ ভাষণত ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ একাগ্ৰতা, গৱেষণামূলক মনোভাব আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ নিষ্ঠাৰ বিষয়ে উজ্জ্বল মন্তব্য কৰে।

অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল মাধৱ চৌধুৰী মহাবিদ্যালয়, বৰপেটাৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° হলধৰ গোশ্বামী। তেওঁ তেওঁৰ ভাষণত কয়, “ড° নৃপেন্দ্ৰ নাথ শৰ্মা এক প্ৰজন্মৰ প্ৰেৰণা। তেওঁৰ শ্ৰদ্ধা, অধ্যৱসায় আৰু মানবিকতা নবীন শিক্ষক-শিক্ষাৰ্থীসকলৰ বাবে এক দৰ্শন বুলি কয়।”

ইয়াৰ উপৰি আন কেইবাজনো বিশিষ্ট শিক্ষাবিদ আৰু সাহিত্যিক, যেনে ডঃ দিবাকৰ গোস্বামী, ডঃ দিবাকৰ ভাগৱতী, ডঃ জ্যোতিষ চন্দ্ৰ ভাগৱতী, সুৰেন্দ্ৰনাথ লাউজাৰী আদিয়ে উপস্থিত হৈ তেওঁলোকৰ চিন্তনীয় বক্তব্যৰ মাজেৰে অনুষ্ঠানটো সমৃদ্ধ কৰে। সকলোৰে উপস্থিতিত উজ্জ্বল এই অনুষ্ঠানটোত ড° ফণীধৰ তালুকদাৰে সম্পাদনা সমিতিৰ মুখ্য সম্পাদক হিচাপে গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে।

WhatsApp Image 2025-10-26 at 9.40.22 PM

তেওঁ সমাপ্তি ভাষণত কয় যে, ‘সব্যসাচী’ গ্ৰন্থখন ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ বহুমুখী প্ৰতিভাৰ এক সজীৱ প্ৰতিফলন। এই গ্ৰন্থখনত অন্তৰ্ভুক্ত লিখনিসমূহে শৰ্মাদেৱৰ জীৱন বৃতান্ত প্ৰতিফলিত কৰিছে। অনুষ্ঠানৰ অন্তত উপস্থিত সকলোৱে একমতভাৱে কৈ যায়— ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ দৰে নিষ্ঠাবান, প্ৰজ্ঞাবান আৰু সদাশয় ব্যক্তিত্ব বৰমা তথা অসমৰ শিক্ষাজগতৰ এক অনুকৰণীয় দৃষ্টান্ত।

এইদৰে, এক সাৰগর্ভ, স্নেহময় আৰু সাহিত্যিক উন্মাদনাৰে পৰিপূৰ্ণ পৰিৱেশৰ মাজেৰে সফলতাৰে সম্পন্ন হয় ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ অভিনন্দন গ্ৰন্থ ‘সব্যসাচী’ৰ উন্মোচন অনুষ্ঠান। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক পুলেন গোস্বামীয়ে। 

উন্মোচন