/asomiyapratidin/media/media_files/2025/12/31/hdhdjhdj-2025-12-31-22-11-59.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষৰ গুৰুত্বপূৰ্ণ সময়ছোৱাতে প্ৰকাশ হৈ ওলাইছে এখন গ্ৰন্থ। অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী 'বান্ধৱ'ৰ দ্বাৰা প্ৰকাশিত আৰু ড° পৰশমণি দাস আৰু ধনমণি দাসৰ সম্পাদনাত প্ৰকাশিত এই গ্ৰন্থখন হৈছে 'ভূপেন হাজৰিকাৰ সংগীতঃ সৃষ্টি আৰু দৰ্শন'। সৰ্বমুঠ ৪৭২ পৃষ্ঠাৰ এই গ্ৰন্থখনত ভূপেন হাজৰিকাৰ সংগীত সম্পৰ্কীয় বিভিন্ন অনালোচিত দিশৰ নিৰ্বচন আগবঢ়োৱা হৈছে।
৩০ ডিচেম্বৰ, মঙলবাৰে সন্ধিয়া ৫ বজাত অসম গ্ৰন্থমেলাৰ 'বান্ধৱ' বিপণিৰ সন্মুখত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই গ্ৰন্থখন উন্মোচন কৰা হয়। ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষত জাতিৰ এই গৌৰৱমণ্ডিৰ ক্ষণটোত এইবাৰৰ গ্ৰন্থমেলাত সম্ভৱ এইখনেই ভূপেন হাজৰিকা সম্পৰ্কীয় একমাত্ৰ গ্ৰন্থ।
সম্পাদকদ্বয়ে জনোৱা মতে এই কিতাপখন চৰ্বিত-চৰ্বণ অথবা পুনৰালোচনা নহয়। ভূপেন্দ্ৰ-সংগীতক নতুন দৃষ্টি আৰু সম্পৰীক্ষাৰে সজাইছে অসম,কলকাতা,বাংলাদেশ আৰু কানাডাৰ মুঠ ৩৭ গৰাকী লেখকে। এই সু-বৃহৎ কিতাপখনে ভূপেন হাজৰিকা চৰ্চাৰ বহুকেইটা নতুন দিশ মুকলি কৰিব বুলি জনা গৈছে।
বিশেষকৈ সংগীত শিকি থকা ছাত্র-ছাত্রী তথা সকলো বয়সৰ ব্যক্তি, সকলো বাদ্যযন্ত্রী -- লগতে যিকোনো শ্ৰেণীৰ সংগীত-ৰসিক আৰু ভূপেন্দ্ৰপ্ৰেমী লোকসকলৰ বাবে এই গ্রন্থখন প্ৰস্তুত কৰা হৈছে। ভূপেন হাজৰিকাৰ কেৱল সংগীত বিষয়ক বস্তুনিষ্ঠ আলোচনাৰ এইখনেই হয়তো প্রথম অসমীয়া গ্রন্থ।অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক এম. কামালুদ্দিন আহমেদ, সংগীত-সাধক সূৰ্য গোস্বামী, কলা-সমালোচক সমুদ্ৰ কাজল শইকীয়া, লেখক-সাংবাদিক মনজিৎ ৰাজকোঁৱৰ,শিল্পী ৰঞ্জন বেজবৰুৱা,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° বৈকুণ্ঠ ৰাজবংশী,সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী, লেখক-সাংবাদিক নয়ন প্ৰতীম কুমাৰ, বান্ধৱৰ স্বত্বাধিকাৰ ৰঞ্জন কুমাৰ শৰ্মা,অধ্যাপক ড° অভিজিত কুমাৰ দত্ত, প্ৰাক্তন অসামৰিক সেৱা বিষয়া মাধুৰিমা বৰুৱা,লেখক ৰূপম জ্যোতি বৰা,শংকৰী গৱেষক প্ৰভাত চন্দ্ৰ দাস, অধ্যাপক ড° জ্যোতিৰ্ময় সেনগুপ্ত, শিক্ষক প্ৰভাত বৰদলৈ,পি এম শ্ৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় ফুলগুৰিৰ প্ৰধান শিক্ষক ভাস্কৰজ্যোতি দাস,সাংবাদিক-কবি মিলন মহন্ত,লোক সংস্কৃতিৰ গৱেষক ড.দীপাংকৰ ঠাকুৰীয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহুকেইজন গৱেষক ছাত্ৰ, শিক্ষাৰ্থী উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us