নলবাৰীত আন্তৰ্জাতিক অনুবাদ দিৱস উপলক্ষে ’তৰ্জমা’ৰ পূজা সংখ্যা উন্মোচন...

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ লীনা ডেকাৰ প্ৰাসংগিক ভাষণ

author-image
Asomiya Pratidin
New Update
নলবাৰীত আন্তৰ্জাতিক অনুবাদ দিৱস উপলক্ষে ’তৰ্জমা’ৰ পূজা সংখ্যা উন্মোচন...

TIHU

ডিজিটেল সংবাদ, নলবাৰীঃ ৩০ ছেপ্টেম্বৰত আন্তৰ্জাতিক অনুবাদ দিৱস উপলক্ষে সন্ধিয়া নলবাৰীৰ নাট্য মন্দিৰ চৌহদৰ নন্দেশ্বৰ শইকীয়া ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবি–স্তম্ভলেখক পংকজ গোবিন্দ মেধিৰ সম্পাদনাত অনুবাদ কবিতাৰ আলোচনী ‘তৰ্জমা’ৰ পূজা সংখ্যা সমূহীয়াভাৱে উন্মোচন কৰাৰ লগতে অনুবাদ কবি সন্মিলন সম্পন্ন হয় ।

Advertisment

জনপ্ৰিয় কবি নৱজ্যোতি পাঠকে আঁত ধৰা অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ লীনা ডেকাই প্ৰাসংগিক ভাষণ দি কয় যে অনুবাদ কৰিব লাগিলে আগেয়ে বুজিব লাগিব । কবিৰ সংখ্যা বাঢ়িছে যদিও কবিতাৰ সংখ্যা বঢ়া নাই বুলিও ড০ ডেকাই বক্তব্যত প্ৰকাশ কৰে ।

অনুষ্ঠানত নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰঞ্জনা ভট্টাচাৰ্যই কয় যে, নিজে বুজি লোৱাটোৱে অনুবাদ । অনুবাদৰ বিভিন্ন দিশ থাকে । কিন্তু তাৰ ব্যঞ্জন বুজি পোৱাটোহে ডাঙৰ কথা ।

চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ড০ সঞ্জীৱ গোস্বামীয়ে ভাষণত কয় যে, অনুবাদ সাহিত্য অবিহনে অসমীয়া সাহিত্য বিশ্বত প্ৰতিষ্ঠা অসম্ভৱ ।

অনুষ্ঠানত ড০ বিনয় কুমাৰ মজুমদাৰ, ভুৱনেশ্বৰ ডেকা, কমল কুমাৰ জৈন, নিতুল কুমাৰ দত্ত, অঞ্জলি দত্ত, গণেশ বৰ্মন, ৰীণা কলিতা বৰুৱা, শান্তনু শৰ্মা প্ৰমুখ্যে বহু সংখ্যক কবিয়ে কবিতা পাঠ কৰি মুগ্ধ কৰে ।

অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, সাহিত্যসেৱী সত্যেন শৰ্মা, পাপৰি কলিতা, সাংবাদিক ৰমেন কলিতা, প্ৰাঞ্জল শৰ্মা, শ্বাহ আলম আহমেদসহ ভালেমান সাহিত্যানুৰাগী লোক উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰে ।

nalbari tihu