বুকুৰ বান্ধৈ, কাষে চপাই দিয়া নাওঃ উন্মোচন হ'ল মেঘালি হাজৰিকা কাকতিৰ কবিতা পুথি...

এতিয়া কিতাপৰ বতৰ। ন-পুৰণি লেখকৰ মেটমৰা কিতাপৰ সম্ভাৰেৰে আকৌ ভৰি পৰিব গ্ৰন্থৰ বজাৰ। এনে এক উদুলি-মুদুলি পৰিৱেশৰ মাজত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হ’ল এখন

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ  এতিয়া কিতাপৰ বতৰ। ন-পুৰণি লেখকৰ মেটমৰা কিতাপৰ সম্ভাৰেৰে আকৌ ভৰি পৰিব গ্ৰন্থৰ বজাৰ। এনে এক উদুলি-মুদুলি পৰিৱেশৰ মাজত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হ’ল এখন কাব্য পুথি। যাৰ নাম- বুকুৰ বান্ধৈ, কাষে চপাই দিয়া নাও।

20251123_134652

৯০দশকৰ পৰা নিৰন্তৰভাৱে সাহিত্য চৰ্চা অব্যাহত ৰখা কবি, সাহিত্যিক মেঘালি হাজৰিকা কাকতিৰ এই কাব্য গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে বহুকেইটা কবিতা। পঢ়ুৱৈসকলে জানে যে মেঘালি হাজৰিকাৰ সৃষ্টিত প্ৰাধান্য লাভ কৰে প্ৰকৃতি আৰু সমাজ বিষয়ক ভিন্ন কথাই। এই কবিতা পুথিখনতো এনে বহুবোৰ বিষয় সামৰি লোৱা হৈছে।

20251123_132840

মেঘালি হাজৰিকা কাকতিৰ এইখন হৈছে ১১সংখ্যক গ্ৰন্থ। দেওবাৰৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট কবি অনুপমা বসুমতাৰীয়ে জীৱনৰ অলেখ ঘাত-প্ৰতিঘাতৰ মাজত সাহিত্য চৰ্চা অব্যাহত ৰখা মেঘালি  হাজৰিকাৰ সাহস আৰু সাহিত্যৰাজিক উচ্চ প্ৰশংসা কৰে।

অনুষ্ঠানটোত অতিথি হিচাপে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীৰ লগতে উপস্থিত থাকে বিশিষ্ট মনোৰোগ বিশেষজ্ঞ, সাহিত্যিক, অভিনেতা জয়ন্ত দাস, সাহিত্যিক নন্দ সিং বৰকলা,  আলেখ্য বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

20251123_133855

মহিলা সাংবাদিক ৰেণুমালা চাংমায়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত মায়াবিনী গীতটোও সকলোৱে গুণগুণায়। ময়ুৰী দত্তই আঁত ধৰা অনুষ্ঠানটো আৰম্ভণি কৰে গ্ৰন্থখনৰ প্ৰকাশক তথা পূৰ্বায়ণ প্ৰকাশনৰ অমিত কুমাৰ উপাধ্যায়ে। 

অনুষ্ঠানটোত উন্মোচক হিচাপে উপস্থিত থকা স্মিতাক্ষী বি গোস্বামীক বিবাহ বাৰ্ষিকীৰ উপলক্ষে বিশেষভাৱে এটি উপহাৰ প্ৰদান কৰা হয়। লগতে এনে দিনটো পৰিয়ালৰ পৰা সময় উলিয়াই তেওঁ অনুষ্ঠানলৈ অহাৰ বাবে সকলোৱে ধন্যবাদ জ্ঞাপন কৰে।

20251123_140208

ভাষণত স্মিতাক্ষী বি গোস্বামীয়ে কয় যে, কবিতা লিখাতো সহজ নহয়। ৫-৬টা শাৰীত মনৰ অনুভৱ, আৱেগ প্ৰকাশ কৰাতো এটা ডাঙৰ ক’লা। ডিজিটেলৰ যুগত নতুন প্ৰজন্মৰ মাজত মোবাইলৰ অগ্ৰাসনৰ বাবে কিতাপ, কবিতা, গল্প আদি পঢ়াৰ মানসিকতা কমি অহাক লৈ উদ্বেগ প্ৰকাশ কৰে তেওঁ।

গোস্বামীয়ে লগতে কয়, নতুন প্ৰজন্মৰ বাবে আমি কবিতা লিখিব লাগিব, গল্প লিখিব লাগিব। ইয়াৰ বাবে আমি উদ্যোগ আৰু দায়িত্ব মূৰ পাতি ল’ব লাগিব। সৃষ্টিশীল কবিতাই মানুহৰ জীৱনক কিমান উৎসাহ প্ৰদান কৰিব পাৰে সেই বিষয়েও এটা উদাহৰণসহ বুজাই দিয়ে প্ৰতিদিন টাইমৰ সঞ্চালিকাগৰাকীয়ে।  পিতৃ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক লৈ মেঘালী হাজৰিকাই লিখা এটা কবিতাৰ প্ৰসংগও উল্লেখ কৰে তেওঁ।

গুৱাহাটী