/asomiyapratidin/media/media_files/2025/09/11/huihgyy-2025-09-11-18-31-17.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰঃ ভাৰতৰ গৌৰৱময় অতীত, জ্ঞান-পৰম্পৰা আৰু সাংগঠনিক মূল্যবোধ সমূহৰ ওপৰত আধাৰিত এখন চমু, সহজভাষী, সাৰমৰ্মী গ্ৰন্থ গহপুৰৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ত উন্মোচন কৰা হয়। ছয়দুৱাৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সভাকক্ষত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনৰ সঞ্চালনা কৰে মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ড° বিপুল শইকীয়াই।
গাম্ভীৰ্যপূৰ্ণ সভাখনত সৃষ্টি প্ৰকাশৰ উদ্যোগত, ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগত প্ৰকাশিত মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপিকা তথা লেখিকা ড° স্বপ্না কাকতিৰ 'ভাৰত বোধ' শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ সিং ৰাজপুতে।
ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ্মেশ্বৰ ভূঞা, সহযোগী অধ্যাপিকা তথা লেখিকা ড° স্বপ্না কাকতি, সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰী বিপুল কুমাৰ দিহিঙীয়া, অধ্যাপিকা ড° অৰুণিমা হাজৰিকা, অধ্যাপক ড° ৰাজু ওজা, অধ্যাপক মহেন্দ্ৰ হাজৰিকাই ভাষণ প্ৰদান কৰা গ্ৰন্থ উন্মোচনী সভাখনত মহাবিদ্যালয়খনৰ বহুকেইগৰাকী অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। লেখিকা স্বপ্না কাকতিৰ ভাৰত বোধ গ্ৰন্থখনে মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট উপকৃত কৰিব মন্তব্য প্ৰকাশ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ সিং ৰাজপুতৰ লগতে লেখিকা ড° স্বপ্না কাকতিয়ে।