/asomiyapratidin/media/media_files/2026/01/21/667-2026-01-21-18-41-40.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : যোৱা বছৰবোৰৰ দৰে এইবাৰো সাহিত্যাচাৰ্য ড° কৰবী ডেকা হাজৰিকাৰ ওপজা দিনটো 'দক্চিৰি দিৱস' হিচাপে অহা ২৪-০১-২০২৬ তাৰিখে দিনৰ ১১:৩০বজাৰ পৰা অসম সাহিত্য সভাৰ মূল কাৰ্য্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত ড° কৰবী ডেকা হাজৰিকাৰ অধীনত গৱেষণা কৰা গৱেষক সংস্থা 'দক্চিৰি' (মণিমালা)ৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ মূল কাৰ্য্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ সহযোগত আয়োজন কৰা হৈছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-2026-2026-01-21-18-42-29.jpeg)
অনুষ্ঠানটোত “মহাকাব্যৰ গৌণ নাৰীচৰিত্ৰসমূহ: গুৰুত্ব আৰু সম্ভাৱনা" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখিকা,গৱেষক, সুবক্তা ড°মালিনীয়ে ৷ দক্চিৰিৰ গৱেষক সকলৰদ্বাৰা প্ৰণীত গৱেষণামূলক গ্ৰন্থ “গল্প-বৈভৱ'' উন্মোচন কৰিব টিয়কস্থিত আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্য্য মণ্ডিত বৰুৱাদেৱে ৷ এই অনুষ্ঠানত ড° কৰবী ডেকা হাজৰিকা প্ৰণীত গীতৰ পুথি "গুণ গুণ গান" উন্মোচন কৰিব বিশিষ্ট লেখিকা ড° জ্যোতিৰেখা হাজৰিকাই ৷
অনুষ্ঠানটোত ৰাইজৰ উপস্থিতি একান্তই কামনা কৰে উদ্যোক্তাই ৷ লগতে দিহা-পৰামৰ্শ আৰু উপস্থিতিয়ে উদ্যোক্তাসকলক উৎসাহিত কৰিব বুলি বিবৃতিত উল্লেখ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us