/asomiyapratidin/media/media_files/2025/12/30/udjjdd-2025-12-30-21-48-47.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থ মেলাত কেইবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত আজি ‘শিশুৰ সুৰক্ষাঃ প্ৰত্যাহ্বান আৰু দায়িত্ব’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়৷ দীৰ্ঘদিন ধৰি শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ হকে কাম কৰি অহা শিশু অধিকাৰ কৰ্মী জিতু দত্তই লিখি উলিওৱা ‘শিশুৰ সুৰক্ষাঃ প্ৰত্যাহ্বান আৰু দায়িত্ব’ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক জিতুমণি বৰা, শিশু সাহিত্যিক যুগললোচন দাস, আৰু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কৃষ্ণা বৰুৱা, গুৱাহাটীৰ শিশু কল্যাণ সমিতিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তৰুণ চুতীয়া আৰু বেদব্ৰত বৰাই।
গ্ৰন্থ উন্মোচনী সভাত লেখক জিতু দত্তই গ্ৰন্থখন সন্দৰ্ভত মনৰ ভাৱ ব্যক্ত কৰি শিশু সুৰক্ষা বিষয়া হিচাপে কাম কৰাৰ সময়ৰ বৰ্ণিল অভিজ্ঞতা ব্যক্ত কৰে৷ তেওঁ চাকৰি কালত অসংখ্য শিশু, পানী কেঁচুৱা উদ্ধাৰ কৰাৰ কথা দোহাৰি কয় যে কোনোবা লোকে এটি পানী কেঁচুৱা উদ্ধাৰ কৰিলেই পানী কেঁচুৱাটো তেওঁৰ হৈ নাযায়৷ সেয়া আইনী ব্যৱস্থাৰ দ্বাৰাহে দত্তক ল’ব পাৰিব৷ কিন্তু শিশুক উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে আইন, আদালতৰ দ্বন্দ্ব হোৱা বুলি আক্ষেপ কৰি তেওঁ কয় যে জাৰৰ দিনত ধাননি পথাৰতে কেঁচুৱাক কোনো লোকে পেলাই থৈ যায়।
কিন্তু কেঁচুৱাটোক কোনোবাই উদ্ধাৰ কৰিলে ভগৱানে তেওঁলোকক বৰদান দিয়া বুলি ভাবি লৈ পোহপাল দিবলৈ ধৰে৷ কিন্তু উদ্ধাৰ কৰাজনে শিশুটিক তেনেদৰে গ্ৰহণ কৰিব নোৱাৰিব। সেই সময়ত কেতিয়াবা কেতিয়াবা দ্বন্দ্ব হোৱাৰ কথা উল্লেখ কৰে৷ জিতু দত্তই শ্ৰমিক উদ্ধাৰ, শিশুৰ অধিকাৰ, অপহৃত শিশু, শিশুৰ বাবে কৰণীয় আদি বিষয় গ্ৰন্থখনত সন্নিৱিষ্ট কৰা বুলি কয়। শিশুক ঘৰত কেনেদৰে আব্দাৰ কৰিব লাগে, অভিভাৱকৰ দায়িত্ববোৰ কি সেয়াও গ্ৰন্থত উল্লেখ কৰা বুলি কয়৷ বিশিষ্ট সাংবাদিক জিতুমণি বৰাই লেখক জিতু দত্তক মই আগেয়ে জানিব লাগিছিল বুলি আক্ষেপ কৰে।
তেওঁ কয় যে আজিও ছাত্ৰ-ছাত্ৰীয়ে বাছত ট্ৰেফিকত ফচি থাকিবলগীয়া হয়৷ কিন্তু আমি শিশুক অধিকাৰৰ কথা নাজানো৷ শিশুৰ অধিকাৰ পশ্চিমীয়া দেশত গুৰুত্বপূৰ্ণ। গুৱাহাটীৰ বানৰ প্ৰসংগ উল্লেখ কৰি সাংবাদিক বৰাই কয় যে বানৰ সময়ত ৰাতি ৯ বজাত ঘৰ পায় ছাত্ৰ-ছাত্ৰী। আৰক্ষীয়ে ভিআইপিৰ বাবে মুকলি কৰি থাকে কিন্তু সেই শিশুৰ বাবে মুকলি নকৰো। ঋণৰ বোজা সহিব নোৱাৰি সন্তানসহ মাতৃয়ে আত্মহনন কৰিছে। কিশোৰ-কিশোৰীয়ে আনৰ ঘৰত জাৰৰ নিশা ১১ বজাত বাচন ধুই দিন কটাইছে। শিশু অধিকাৰৰ কথা কোৱা মানুহে কিশোৰক কাম কৰাকৈ ৰাখে।
মই ভিতৰৰ পৰা ভাল ন'হলে সমাজ ভাল নহয় বুলি উল্লেখ কৰি বৰাই আৰু কয় যে ডাঙৰ মানুহৰ ঘৰৰ ল’ৰা-ছোৱালীক পুৱাই আন এজন কিশোৰে জোতাৰ ফিটা মাৰি দিয়ে। বাছত উঠোতে বেগটো লৈ যায়। অসমৰ বয়োজ্যেষ্ঠ সমাজখনে কিছু কথাত আত্মসমৰ্পণ কৰা বুলি উল্লেখ কৰি নতুন প্ৰজন্ম তেনে নহয় বুলি দোহাৰি তেওঁ আৰু কয় যে আজিৰ প্ৰজন্মই ভূপেন হাজৰিকাৰ শ্ৰেণী বিভাজনৰ বিৰোধিতাক গুৰুত্ব দিয়ে, নেলছেন মেণ্ডেলাৰ আদৰ্শক মানি লয়। নতুন প্ৰজন্মই বহু কথা সলনি কৰিব পাৰিব বুলি বিশ্বাস থকা বুলি কয়৷আন এগৰাকী উন্মোচক শিশু সাহিত্যিক যুগললোচন দাসে কয় যে আমি শিশুৰ বাবে উপন্যাস লিখো, গল্প লিখো। আজি এই কিতাপখন হাতত লৈ এখন গাইডবুক পোৱাৰ দৰে লাগিছে। ভৱিষ্যতে আমি শিশুৰ বাবে কিতাপ লিখিবলৈ হ’লে এই কিতাপখন হাতপুথি হিচাপে ব্যৱহাৰ কৰিম।
আনহাতে, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কৃষ্ণা বৰুৱাই অসমীয়া ভাষাত এনে এখন গ্ৰন্থ লিখি উলিওৱাৰ বাবে লেখক জিতু দত্তৰ ভূয়সী প্ৰশংসা কৰে। আনহাতে, সভাত উপস্থিত থকা বেদব্ৰত বৰাই সমাজত আজিও জিতু দত্তৰ দৰে ভাল মানুহ আছে বাবে সমাজখন ভাল হৈ আছে বুলি কয়। জিতু দত্তই কেনেদৰে এগৰাকী দৰিদ্ৰ ঘৰৰ সন্তানক পঢ়ুওৱাৰ ব্যৱস্থা কৰাৰ সময়ত সহায় কৰিছিল সেই কথা সভাত ব্যক্ত কৰি জিতু দত্তই নীৰৱে সমাজৰ হকে, শিশুৰ হকে কাম কৰি বুলি উল্লেখ কৰে৷ বেদব্ৰত বৰাই গ্ৰন্থখনৰ ১০০ কপি নিজ গাঁৱত বিতৰণ কৰিব বুলিও ঘোষণা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us