পূজাৰ নামত পানী প্ৰদূষণঃ নাটকৰ যোগেদি বনগাঁৱৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ…

পূজাৰ নামত পানী প্ৰদূষণঃ  নাটকৰ যোগেদি বনগাঁৱৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ…

ডিজিটেল ডেস্কঃ নাটকৰ জৰিয়তে পৰিবেশ সজাগতা সৃষ্টিৰ বাবে গোলাঘাট জিলাৰ বনগাঁও চ'লা হাইস্কুলৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ অভিনয় প্ৰতিবাদে ৰাইজৰ মন জয় কৰিছে। শিক্ষয়িত্ৰী গিৰিমল্লিকা শইকীয়াই ৰচনা আৰু পৰিচালনা কৰা কৰা চুটি নাটক "দেৱী আৰু নদী" ৰ জৰিয়তে দূৰ্গা পূজা উদযাপন আৰু প্ৰতিমা বিসৰ্জন পৰিবেশ অনুকুল ভাৱে যে পালন কৰিব লাগে সেই বিষয়ে তেওঁলোকে সজাগতা অনাৰ চেষ্টা কৰিছে ।

ব্যাপক হাৰত অনুষ্ঠিত হোৱাৰ বাবে দূৰ্গা পূজাৰ সময়ত পৰিবেশ প্ৰদূষণৰ হাৰ অতিপাত বৃদ্ধি পায়।অতীতত মানুহে বিভিন্ন প্ৰাকৃতিক উপাদান পৰা পূজাৰ প্ৰতিমা সাজি দেৱ-দেৱীৰ পূজা অৰ্চনা কৰিছিল। সেইদৰে প্ৰতিমা সমূহত ৰং বুলাবলৈ বিভিন্ন গছ -লতা, চন্দন, হালধি,ডিমৰু গছৰ গুটি আদিৰ পৰাই ৰং আহৰণ কৰিছিল। গতিকে প্ৰাচীন কালৰ দুৰ্গোৎসৱ পৰিবেশ তথা জীৱকূলৰ প্ৰতি ভাবুকি হৈ পৰা নাছিল। কিন্তু ধীৰে ধীৰে পৰিবেশ সলনি হ'ল।

পূজা মণ্ডপ,প্ৰতিমা নিৰ্মাণ,প্ৰতিমা বিসৰ্জন আদি সকলোতে মানুহে প্ৰাকৃতিক উপাদানসমূহ পৰিহাৰ কৰি কৃত্ৰিম ভাৱে তৈয়াৰ কৰা Non biodegradable উপাদান সমূহ ব্যৱহাৰ কৰিবলৈ ল'লে। পূজাৰ পৰম্পৰা অনুসৰি দশমীৰ দিনা বিভিন্ন নদ-নদী ,বিল , পুখুৰী আদি জলাশয় বোৰত প্ৰতিমা উটুৱাই দিয়া হয়। ফলত পূজাৰ প্ৰতিমা প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য সমূহে পানী বিষাক্ত কৰি পেলায়। ফলস্বৰূপে জলাশয়ৰ পৰিস্থিতিতন্ত্ৰ ধ্বংস হৈ পৰা দেখা যায়।

মাছ ,কাছ, ভেকুলী ,শামুক ,নদী শিহু আদি জলচৰ প্ৰাণীবোৰৰ মৃত্যু হয়। আমাৰ অসমৰ নৈ বিল সমূহ দেশৰ ভিতৰতে অধিক প্ৰদূষিতৰ তালিকাত স্থান পোৱাৰ পিছত এই সজাগতাৰ খুবেই প্ৰয়োজন। সেয়ে পৰিবেশ প্ৰদূষিত নকৰাকৈ পূজা উদযাপন কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলে নাটকৰ জৰিয়তে সচেতনতা অনাৰ প্ৰয়াস কৰে।নাটকৰ জৰিয়তে বাৰ্তা দিব বিচৰা গোলাঘাট বনগাঁও চ'লা হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকল হ'ল ..পাহি মজুমদাৰ,সুপ্ৰিয়া কোঁৱৰ,নিবেদিতা বৰুৱা,প্ৰিয়াশ্ৰী বৰা,কৃষ্টি বড়া, প্ৰিয়া বৰা,উদেষ্ণা হাজৰিকা,চুমিত তুৰি,লক্ষ্মীনাথ বৰা,মৃদু পৱন কটকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in