ছাত্ৰ অলিম্পিক ক্ৰীড়াত সোণৰ পদক লাভ কৰা তিনি গৰাকী খেলুৱৈক বনগাঁৱত সম্বৰ্ধনা।

ছাত্ৰ অলিম্পিক ক্ৰীড়াত সোণৰ পদক লাভ কৰা তিনি গৰাকী খেলুৱৈক বনগাঁৱত সম্বৰ্ধনা।

author-image
asomiyapratidin
New Update
ছাত্ৰ অলিম্পিক ক্ৰীড়াত সোণৰ পদক লাভ কৰা তিনি গৰাকী খেলুৱৈক বনগাঁৱত সম্বৰ্ধনা।

ডিজিটেল সংবাদ,বকো: ১৭ ছেপ্টেম্বৰ পৰা ১৯ ছেপ্টেম্বৰলৈ হাৰিয়ানাৰ ৰোহটক মেহাম ৰ'য়েল স্কুলত অনুষ্ঠিত হোৱা সপ্তম ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা- ২০২১ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈক দেওবাৰে বনগাওঁ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত  বনগাঁৱৰ ক্ৰমে মোহন সিং,ৰাজকুমাৰ বড়ো আৰু সত্যজিৎ ৰাভাক সম্বৰ্ধনা জনায়।  সোণৰ পদক বিজয়ী  তিনিয়ো গৰাকী খেলুৱৈ উশ্বু খেলৰ প্ৰতিযোগী আছিল। 

Advertisment

 সোণৰ পদক লাভ কৰা খেলুৱৈ তিনিয়োগৰাকীকে অসম ছাত্ৰ অলিম্পিক সংস্থাৰ সহকাৰী সম্পাদক মনোজ কুমাৰ দাসে প্ৰশিক্ষণ দিছিল বুলি জানিবলৈ দিছে৷আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত বনগাওঁ ক্ৰীড়া সন্থাৰ সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়া, সম্পাদক সৰ্বেশ্বৰ ৰাভা, অসম ছাত্ৰ অলিম্পিক সংস্থাৰ সহকাৰী সম্পাদক মনোজ কুমাৰ দাসৰ লগতে।