বঙাইগাঁও শোধনাগাৰ আৰু ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে শ্ৰমিক বিৰোধী নীতিৰ অভিযোগ

উক্ত অৱস্থান ধর্মঘট কাৰ্য্যসূচীত সহস্ৰাধিক অস্থায়ী শ্ৰমিকে অংশগ্ৰহণ কৰাৰ ফলত বঙাইগাঁও শোধনাগাৰৰ ভিতৰচৰাৰ চলিথকা নিৰ্মাণ কাৰ্য্য একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাং:  ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধনাগাৰৰ ভিতৰচৰাত নিৰ্মাণকাৰ্য্য চলাই থকা ঠিকাদাৰ প্ৰতিষ্ঠানৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক সংগঠনৰ প্ৰতিবাদী অব্যাহত আছে ।

আজিও শ্ৰমিক সংগঠনৰ পূৰ্ব ঘোষনা অনুসৰি শ্ৰমিক বিৰোধী নীতিৰ তীব্ৰ বিৰোধীতা কৰি চিৰাং জিলাৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰোৰাসায়নিক অস্থায়ী শ্ৰমিক সংঘৰ আহ্বানত শতাধিক শ্ৰমিকে ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈকে ১২ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে।

আজিৰ অনশন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান কৰা বঙাইগাঁও শোধনাগাৰৰ অস্থায়ী শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক দিলীপ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা ৮ অক্টোবৰ তাৰিখেও বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষ আৰু ঠিকাদাৰ প্ৰতিষ্ঠানৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰোধীতা কৰি চাৰি ঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্য্যসূচীত ৰূপায়ন কৰা হৈছিল।

উক্ত অৱস্থান ধর্মঘট কাৰ্য্যসূচীত সহস্ৰাধিক অস্থায়ী শ্ৰমিকে অংশগ্ৰহণ কৰাৰ ফলত বঙাইগাঁও শোধনাগাৰৰ ভিতৰচৰাৰ চলিথকা নিৰ্মাণ কাৰ্য্য একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল। আমাৰ এই প্ৰতিবাদী আন্দোলনৰ পিছত অসম ৰাজ্যিক শ্ৰম আয়োগে বঙাইগাঁও শোধনাগাৰ কতৃপক্ষ আৰু ঠিকাদাৰ প্ৰতিষ্ঠানৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সমস্যা সমাধান কৰিবলৈ আহ্বান জনায় ।

ইয়াৰ পিছত ৯ অক্টোবৰ অৰ্থ্যাৎ কালি বিয়লিৰ ভাগত বঙাইগাঁও শোধনাগাৰ কতৃপক্ষ, ঠিকাদাৰ প্ৰতিষ্ঠানৰ মালিক ছহিদুল ইছলাম আৰু বঙাইগাঁও শোধনাগাৰৰ অস্থায়ী শ্ৰমিক সংঘৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় কিন্তু বৈঠকত বঞ্চিত শ্ৰমিক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো সদিচ্ছা নেদেখাত শ্ৰমিক সংগঠনৰ প্ৰতিনিধি সকলে বৈঠকৰ পৰা ওলাই আহিবলৈ বাধ্য হয়।

কাৰণ বঙাইগাঁও শোধনাগাৰ ভিতৰচৰাত কাম কৰা অস্থায়ী শ্ৰমিক সকলৰ স্বাৰ্থজড়িত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত শোধনাগাৰ কতৃপক্ষই যিখিনি সদিচ্ছা দেখুৱাব লাগিছিল সেয়া তেখেত সকলে দেখুওৱাৰ বিপৰীতে প্ৰকান্তৰে শ্ৰম আইন উলঙ্ঘন কৰি নিজৰ ইচ্ছামতে শ্ৰমিক ছাটাই, প্ৰাপ্য মজুৰি সময়মতে আদায় নিদিয়া আদি শ্ৰমিক বিৰোধী কাম কৰা ঠিকাদাৰ ছহিদুল ইছলামৰ পক্ষ লোৱা পৰিলক্ষিত হয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

আজিৰ এই অনশন কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পিছতো যদি বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই শ্ৰমিক সকলৰ হকে  কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আগন্তুক সময়ত শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি শোধনাগাৰৰ সকলোধৰণৰ কামকাজ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে।

লক্ষ্যণীয় বিষয় যে  বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষ আৰু ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে শ্ৰম আইন উলঙ্ঘন কৰাৰ অভিযোগ উত্থাপন কৰি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আছে আৰু এই বাতৰি সাংবাদিক সকলে পৰিবেশন কৰি আছে কিন্তু এই সময়ছোৱাত শোধনাগাৰ কতৃপক্ষৰ পৰা তাৎপৰ্য্যপূৰ্ণ ভাবে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই ।

বঙাইগাঁও শোধনাগাৰ