কাজিয়াই কাল হ'ল বঙাইগাঁৱৰ এটা কৃষক পৰিয়ালৰ বাবে

অভিযোগ অনুসৰি ভলিবল খেলক লৈ গাঁৱখনৰ একাংশ যুৱকৰ সৈতে কৃষকৰ পৰিয়ালটোৰ হৈছিল কাজিয়া। নিশাৰ ভিতৰত কৃষক পৰিয়ালটোৰ বিলাহী খেতি ধ্বংস কৰে দুৰ্বৃত্তই ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বঙাইগাঁৱৰ সুঁতিৰমুখত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। এঘৰ কৃষক পৰিয়ালে কৰা বিলাহী খেতি নিশাৰ অন্ধকাৰত ধ্বংস কৰে দুৰ্বৃত্তই। অভিযোগ অনুসৰি ভলিবল খেলক লৈ গাঁৱখনৰ একাংশ যুৱকৰ সৈতে কৃষকৰ পৰিয়ালটোৰ হৈছিল কাজিয়া। নিশাৰ ভিতৰত কৃষক পৰিয়ালটোৰ বিলাহী খেতি ধ্বংস কৰে। লহপকৈ ধৰা বিলাহী গছবোৰৰ গুৰি কাটি ধ্বংস কৰে বিলাহীৰ খতি। 

ইপিনে পৰিয়ালটোৰ সন্দেহ ভলিবল খেলৰ কাজিয়াৰ পোটক তুলিবলৈ গাঁৱখনৰ একাংশ উদ্ভণ্ডালি যুৱকে সংঘটিত কৰিছে এই কাণ্ড।  কৃষক পৰিয়ালটো আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ উপৰি এনে কাণ্ড মানি ল'ব পৰা নাই কৃষক সমাজে। ঘটনাক লৈ চেপা উত্তেজনা বিৰাজ কৰিছে গাঁৱখনত। ইপিনে ঘটনা সংক্ৰান্তত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে কৃষক পৰিয়ালটোৱে। 

বঙাইগাঁও