/asomiyapratidin/media/media_files/2025/12/15/whatsapp-image-2025-12-15-13-28-09.jpeg)
ডিজিটেল ডেস্কঃ ছিডনীৰ বণ্ডী উপকূলত ধাৰাসাৰ গুলীবৰ্ষণ, অতৰ্কিত গুলীচালনাত ১৬ জনৰ মৃত্যু হয়। এই ঘটনাত আহত হোৱা ৪২ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেওবাৰে ছিডনীৰ বণ্ডী বিচ্ছত হানুকা উৎসৱস্থলীতেই গুলীচালনাৰ ঘটনাটো সংঘটিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/3f29c495-ec6f-475a-bc19-3ef7a50d42e5-2025-12-15-12-59-50.jpeg)
উল্লেখ্য় যে, এই ঘটনাত প্ৰায় ৫০জাঁই গুলীচালনা চালনাকৰে দুৰ্বৃত্তই। আৰক্ষীয়ে আটক কৰিছে গুলীচালনা কৰা দুই দুৰ্বৃত্তক। শেহতীয়াকৈ, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে এই ঘটনাৰ দৃশ্য দেখাৰ পাছত তেওঁ অতি অতি দুখজনক বুলি কয়। লগতে তেওঁ কৈছে যে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰক্ষী আৰু জৰুৰীকালীন দলে। এই কাণ্ডৰ সৈতে জড়িত দুজন লোকক জিম্মাত লয়। ইপিনে এজন বন্দুকধাৰীৰ সৈতে গুলীচালনাৰ সময়ত নিহত হৈছে। দ্বিতীয়জন গুলীচালনাকাৰী আহত হৈ গ্ৰেপ্তাৰ হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/18285601_sydney-shooting-ap-img-2025-12-15-13-00-52.jpg)
প্ৰণিধানযোগ্য যে, এই ঘটনাৰ যিসমূহ ভিডিঅ' সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈ পৰিছে । যাৰ ফলত সাধাৰণ জনতাৰ মাজত এতিয়াও এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে। সম্প্ৰতি যি সমূহ ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰিত হৈছিল সেই ভিডিঅ’সমূহত দৌৰাদৌৰি কৰি থকা দৃশ্য দেথখা গৈছিল আৰু ভিডিঅ'ত শুনা গৈছিল চাইৰেনৰ শব্দ। জৰুৰীকালীন কৰ্মীসকলে জনোৱা মতে, তেওঁলোকে একাধিক ভুক্তভোগীক ছিডনীৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰিছিল। ইপিনে আৰক্ষীয়ে তদন্তৰ বাবে অঞ্চলটো ছীল কৰাৰ লগতে পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈ বণ্ডী বিচ্ছৰ পৰা সকলোকে আঁতৰি থকাৰ পৰামৰ্শ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us