/asomiyapratidin/media/media_files/2025/11/10/ddddddddddddddd-2025-11-10-21-16-27.jpg)
ডিজিটেল ডেস্কঃ চলন্ত গাড়ীৰ পৰাই সংঘটিত হৈছিল দিল্লীৰ এই ভয়ংকৰ বোমা বিস্ফোৰণ। এই কথা সদৰি কৰিলে দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলছাই। তেওঁ সংবাদ মাধ্যমত জনাই যে, সন্ধিয়া প্ৰায় ৬.৫২বজাত এখন বাহন লাহে লাহে আহি ৰৈছিল দিল্লীৰ ৰেডফৰ্ট অঞ্চলত। তাৰ ঠিক ৩মিনিটৰ পাছতে সংঘটিত হৈছিল এই ভয়ংকৰ বোমা বিস্ফোৰণ।
ইফালে উক্ত বাহনখনৰ পিছফালে আহি থকা এজন আৰোহীয়ে সংবাদমাধ্যমক জনাইছে যে, বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ সময়তো উক্ত বাহনখনৰ ভিতৰত ৩গৰাকী লোক উপস্থিত আছিল। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে যে, এয়া আছিল আত্মঘাটি বোমা বিস্ফোৰণ।
উল্লেখ কৰা প্ৰয়োজন যে, এই বোমা বিস্ফোৰণত এতিয়ালৈকে ১০গৰাকীকৈ লোক নিহত হৈছে। আহত ২৫গৰাকীৰো অধিক লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি সদৰি কৰিছে প্ৰশাসনে। হতাহত হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us