/asomiyapratidin/media/media_files/2025/11/12/new-ap-web-1-19-2025-11-12-09-34-48.jpg)
ডিজিটেল ডেস্কঃ অসুস্থ বলীউডৰ অভিনেতা গোবিন্দ। মঙলবাৰে নিশা নিজ বাসগৃহত হঠাৎ ঢলি পৰে অভিনেতাগৰাকী। লগে লগে তেওঁক জুহুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে ৬১ বছৰীয়া জনপ্ৰিয় অভিনেতা গৰাকীৰ অসুস্থতাৰ খবৰ সামাজিক মাধ্যমত বিয়পি পৰা লগে লগে অনুৰাগী আৰু গুণমুগ্ধৰ মাজত উদ্বেগ বৃদ্ধি পায়।
অভিনেতা গৰাকীৰ বন্ধু ললিত বিন্দালে তেওঁৰ স্বাস্থ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয়, নিশা প্ৰায় ১ বজাত গোবিন্দা নিজ ঘৰতে হঠাত অচেতন হৈ পৰে। লগে লগে মই তেওঁক ক্ৰিটিকেল কেয়াৰ হাস্পতাললৈ লৈ আহিলো। তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে আৰু পৰীক্ষা চলি আছে। তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।
উল্লেখ্য যে, চিকিৎসকে গোবিন্দাৰ ৰক্তচাপ, চেনিৰ মাত্ৰা, স্নায়ু পৰীক্ষাকে ধৰি কেইবাটাও পৰীক্ষা সম্পন্ন কৰিছে। ফলাফল নোপোৱালৈকে তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে। আনহাতে এই সন্দৰ্ভত অভিনেতা গৰাকীৰ পৰিয়ালটোৰ কোনো আনুষ্ঠানিক বিবৃতি পোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us