বকোত জনস্বাস্হ্য কাৰিকৰী বিভাগৰ কাম-কাজ বন্ধ কৰিলে প্ৰতিবাদী ৰাইজে…

বকোত জনস্বাস্হ্য কাৰিকৰী বিভাগৰ কাম-কাজ বন্ধ কৰিলে প্ৰতিবাদী ৰাইজে…

ডিজিটেল সংবাদ,বকো:  কামৰূপ জিলাৰ বকোত শনিবাৰে  জনস্বাস্হ্য কাৰিকৰী বিভাগে খোৱাপানী যোগানৰ  নামত কৰা ভেঁকোভাওনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থনীয় ৰাইজে ।অভিযোগ মতে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত জনস্বাস্হ্য কাৰিকৰী বিভাগৰ উলুপাৰাগাঁৱত থকা দক্ষিণ পুখুৰীপাৰা-উলুপাৰাগাঁও খোৱাপানী যোগান আঁচনিৰ পৰা ৰাইজে যোৱা ২০ বছৰে  লাভ কৰা নাই পানী।

উল্লেখিত খোৱাপানী আঁচনিটোত আজি পৰ্যন্ত নাই  কোনো কৰ্মচাৰী। কেইদিনমান আগতে খোৱাপানী যোগান আঁচনিটো মেৰামতি কৰা দেখিবলৈ পোৱা গৈছিল যদিও ৰাইজে সুবিধা লাভ নকৰিলে ।বৰ্তমান দক্ষিণ পুখুৰীপাৰা-উলুপাৰা খোৱাপানী যোগান আঁচনিৰ পৰা ঘৰে ঘৰে খোৱা পানীযোগান দিয়াৰ বাবে নলীৰে টেপ সংলগ্ন কৰাৰ কাম চলি আছে । কিন্তু নিম্নমানৰ কাম কৰাৰ অভিযোগ তুলি দক্ষিণ পুখুৰীপাৰা গাঁৱত শনিবাৰে  একাংশ ৰাইজে প্ৰতিবাদ জনাই কাম  বন্ধ কৰি দিয়ে ।

দক্ষিণ পুখুৰীপাৰাগাঁৱৰ ৰাইজৰ সভাপতি জীতেন ৰাভাই অভিযোগ কৰা মতে ঠিকাদৰে পুৰণি পাইপ সংলগ্ন কৰিছে । পথৰ একেবাৰে মাজভাগতে  মাটি খান্দি সাধাৰণ দ কৰি পানী যোৱা পাইপ সমূহ বহুৱাইছে । যিবোৰ পাইপ পথৰ ওপৰেৰে চাইকেল, মটৰচাইকেল,ট্ৰেক্টৰ আদি গ'লে ফাটি যাৱ বুলি শংকা কৰিছে । প্ৰতিবাদ স্হলীত উপস্হিত থকা মধ্যলুকী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰৰ উপ-সভাপতি অৰবিন্দ ৰাভাই দক্ষিণপুখুৰীপাৰা-উলুপাৰাগাঁৱ খোৱাপানী যোগান আঁচনিৰ পৰা ঘৰে ঘৰে খোৱাপানী যোগান দিয়াৰ বাবে পাইপ , টেপ সংযোগ দিয়াৰ নামত কৰা ভেঁকোভাওনাৰ তীব্ৰ প্ৰতিবাদ জনাই বিষয়টো বিভাগীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে । লগতে জনস্বাস্হ্য  কাৰিকৰী বিভাগত চলি থকা দুৰ্নীতিৰ তদন্ত দাবী কৰিছে  প্ৰতিবীদকাৰী দলটোৱে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in