/asomiyapratidin/media/media_files/2025/08/12/breaking-news-2025-08-12-18-54-41.jpg)
ডিজিটেল ডেস্কঃ বকোৰ বামুণীগাঁও ৰে'ল ষ্টেচনৰ সমীপত চাঞ্চল্যকৰ ঘটনা। ৰে'লৰ খুন্দাত একেলগে ৩ গৰাকী মহিলাৰ মৃত্যু। মৃত্যু-উত্তৰা দাস (৫০),ৰুমী দাস (৩৫) আৰু কৰৱী মালী (৩৫)ৰ।আটাইকেইগৰাকীৰ ঘৰ বকোৰ ২ নং ছাটাবাৰীত।প্ৰাতঃভ্ৰমণলৈ গৈ সংঘটিত হয় এই অঘটন।
বামুণীগাঁও ৰে'ল ষ্টেচনৰ NN 240 গেটৰ সমীপত এই অঘটন। একে সময়তে দুখন ৰে'লে অতিক্ৰম কৰিছিল সেই স্থান। গুৱাহাটী অভিমুখী ৰে'লখনে পিছ দিশৰ পৰা খুন্দা মাৰে তিনিওগৰাকীক। নিমিষতে ছিন্ন-ভিন্ন হয় মহিলা তিনিওগৰাকীৰ দেহ।
বৰ্তমানলৈ সেই স্থানত ২০ গৰাকীকৈ পুৰুষ-মহিলাৰ ৰে'লৰ খুন্দাত মৃত্যু হৈছে। কামাখ্যা-যোগীঘোপা ৰে'লপথত এই অঘটন। ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী।