বকোত নিশা আৰক্ষী তালাচী, মেঘালয়ৰ প্ৰাক্তন বিধায়কৰ হাতত পিষ্টল…

বকোত নিশা আৰক্ষী তালাচী, মেঘালয়ৰ প্ৰাক্তন বিধায়কৰ হাতত পিষ্টল…

author-image
asomiyapratidin
New Update
ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে নিশা এগৰাকী প্ৰাক্তন বিধায়কৰ গাড়ীত পিষ্টল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰা হৈছে। ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত বকো থানাৰ সন্মুখত আৰক্ষী আৰু স্কোৱাডে তলাচি চলাই থাকোতে মেঘালয়ৰ ৰাজ্যৰ প্ৰাক্তন বিধায়ক পণ্ডিত আৰ. চাংমাৰ গাড়ীত এটা পিষ্টল লাভ কৰে।

Advertisment

প্ৰাক্তন বিধায়ক গৰাকীয়ে এম এল-০৫/ কে-৭৪৭১ নম্বৰৰ স্ক'ৰপিঅ' খনেৰে গুৱাহাটীৰ পৰা তোৰালৈ গৈ আছিল। প্ৰাক্তন বিধায়কগৰাকীয়ে পিষ্টলটোৰ লাইন্সেন থকা বুলি দাবী কৰিছে। ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।