এমাহৰ বিল ১৭হাজাৰ টকাঃ বকোত বিদ্যুত মাচুল সংগ্ৰহৰ নামত উপভোক্তাক হাৰাশাস্তি শক্তি বিভাগৰ…

এমাহৰ বিল ১৭হাজাৰ টকাঃ বকোত বিদ্যুত মাচুল সংগ্ৰহৰ নামত উপভোক্তাক হাৰাশাস্তি শক্তি বিভাগৰ…

author-image
asomiyapratidin
New Update
এমাহৰ বিল ১৭হাজাৰ টকাঃ বকোত বিদ্যুত মাচুল সংগ্ৰহৰ নামত উপভোক্তাক হাৰাশাস্তি শক্তি বিভাগৰ…

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত শক্তি বিভাগে মাচুল সংগ্ৰহ কৰাৰ নামত উপভোক্তাক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । অভিযোগমতে ৪৮নং বকো বিধানসভা সমষ্টিৰ বকো বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ উপভোক্তাৰ পৰা মাচুলৰ নামত জধে-মধে ধন সংগ্ৰহ কৰি আহিছে । ৰাজ্যৰ শক্তি বিভাগৰ মন্ত্ৰীয়ে বিদ্যুত মাচুল আদায় নিদিয়া উপভোক্তাৰ বিৰুদ্ধে বিহিত ব্যৱস্হাৰ লগতে বিভাগটোত কাম কৰা দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীক শাস্তিৰ ব্যৱস্হা গ্ৰহণ কৰিব বুলি ঘোষণা কৰাৰ পিছৰে পৰা বকোত এনেদৰে বিদ্যুত মাচুলৰ নামত জধে-মধে ধন সংগ্ৰহৰ যেন অশুভ প্ৰতিযোগিতাহে আৰম্ভ হৈছে ।

Advertisment

এটা মাহতে এটা পৰিয়ালৰ ঘৰত সংযোগ লোৱা বিদ্যুত মাচুল সোতৰ-ওঠৰ হেজাৰ টকালৈ সংগ্ৰহ কৰাৰ তথ্য পোৱা গৈছে । বকো বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ উপভোক্তাৰ পৰা এটা পৰিয়ালৰ পৰা দুই হেজাৰ, তিনি হেজাৰ, পাঁচ হেজাৰ টকা বিদ্যুত মাচুল সংগ্ৰহ কৰা উপভোক্তাৰ সংখ্যা অসংখ্য । বিদ্যুত মাচুল সন্দৰ্ভত অভিযোগ দাখিল কৰিবলৈ চৰকাৰী কাৰ্যালয়লৈ যোৱা উপভোক্তাক বকো বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে যিমান মাচুলৰ কাগজ প্ৰেৰণ কৰা হৈছে সিমানেই দিব লাগিব বুলি হতাশ কৰাৰো অভিযোগ আহিছে ।

আনকি বকো বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়াগৰাকীয়ে ৰাইজৰ অভিযোগ গ্ৰহণ কৰাৰ সলনি ভিডিঅ' কনফাৰেন্স মিটিঙত ব্যস্ত থকাৰ অজুহাতেৰে ৰাইজৰ পৰা আঁতৰি থাকে বুলি জানিব পৰা গৈছে ।ইয়াৰ বিপৰীতে কাৰ্যালয়টোৰ আন একাংশ কৰ্মচাৰীয়ে কিছু উপভোক্তাৰ এমাহৰ বিদ্যুত মাচুলৰ সোতৰ-ওঠৰ হেজাৰ টকাৰ ঠাইত সোতৰ-ওঠৰ শ টকা আদায় লৈ ঠিক কৰি দিয়াৰো তথ্যও পোৱা গৈছে ।তাৰ বিনিময়ত উপভোক্তাৰ পৰা সেই সকল কৰ্মচাৰীয়ে উৎকোচ গ্ৰহণ কৰাৰ দৰে অভিযোগো আছে ।

সোতৰ-ওঠৰ হেজাৰ টকা বিদ্যুত মাচুলৰ সোতৰ-ওঠৰশ টকা লৈ উপভোক্তাৰ সমস্যা সমাধান কৰি দিয়া ঘটনাই সমগ্ৰ প্ৰক্ৰিয়াত যে অন্য এক ৰহস্য আছে সেয়া অধিক সংখ্যক ৰাইজে বুজি উঠিছে ।বকো বৈদ্যুতিক উপ-সংমণ্ডলত চলি থকা দুৰ্নীতি মষিমূৰ কৰাৰ বাবে দুৰ্নীতিৰ সৈতে জৰিত থকা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্হা গ্ৰহণ কৰিবলৈ ৰাইজে শক্তিমন্ত্ৰীৰ ওচৰত দাবী জনাইছে ।