/asomiyapratidin/media/media_files/2026/01/30/dnt-delete-copy-2026-01-30-22-08-45.jpg)
ডিজিটেল ডেস্কঃ মাছ ব্যৱসায়ৰ নামত জঘন্য কাণ্ড। বকোত মাছ ব্যৱসায়ক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতি।
অঞ্চলটোৰ এজন মাছ বেপাৰীৰ বিৰুদ্ধে নিষিদ্ধ মাংস কঢ়িয়াই ঘৰে ঘৰে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে এই ঘটনাই স্থানীয় লোকসকলৰ মাজত গভীৰ শংকা আৰু আতংকৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/ap-new-web2024-copy-2026-01-30-22-07-28.jpg)
প্ৰাপ্ত তথ্য অনুসাৰি, বকোৰ বাসিন্দা চাইদুল ইছলামে মাছ বিক্ৰীৰ অভিনয় কৰি মাছ বুলি নিষিদ্ধ মাংস ঘৰে ঘৰে বিক্ৰী কৰাৰ চেষ্টা কৰিছিল।এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছত তৎপৰতাৰে অভিযান চলাই অভিযুক্ত চাইদুল ইছলামক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তৰ পৰা প্ৰায় ১১ কিলোগ্ৰাম তকৈও অধিক পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰা হৈছে। এই ঘটনাৰ পাছতেই বকো অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়।
উল্লেখ্য যে, বহু গ্ৰাহকে ঘৰে ঘৰে বিক্ৰী কৰা মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰাৰ লগতে সতৰ্কতা অৱলম্বন কৰিছে। এই ঘটনাক গুৰুত্ব সহকাৰে লৈ আৰক্ষী বিভাগৰ লগতে স্বাস্থ্য বিভাগেও তৎপৰতাৰে তদন্ত আৰু নিৰীক্ষণ আৰম্ভ কৰিছে।
যাতে ভৱিষ্যতে এনে কোনো ধৰণৰ আইন-বিৰোধী ঘটনা সংঘটিত নহয়। এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া চলি থকা অৱস্থাত ঘটনাটোৰ সম্পূৰ্ণ সত্য উদ্ঘাটনৰ পাছতহে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us