
ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত উদ্যান শস্যৰ ক্ষেত্ৰখন দিনে দিনে সংকুচিত হৈ আহিছে । বকো কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত গাঁৱবোৰ উদ্যন শস্য তামোল আৰু কমলাৰ বাবে বিখ্যাত। বিশেষকৈ হাহিম,শান্তিপুৰ, কিনানগাঁৱ, আমৰেঙকোনা, মালাং , কম্পাডলী,শাখাতি আদি বিভিন্ন পাহাৰীয়া গাঁৱবোৰ মানেই মানুহৰ মনলৈ আহে কমলা আৰু তামোলৰ শাৰী শাৰী গছ । কিন্ত সম্প্ৰতি পাহাৰীয়া গাঁৱবোৰলৈ গ'লে ইয়াৰ এখন বিপৰীত ছৱিহে দেখিবলৈ পোৱা যায় ।
দেখিবলৈ অতি সুন্দৰ আৰু সুস্বাদু ফলৰ কমলা গছবোৰ সম্প্ৰতি ৰোগত মৰহি নি:শেষ হোৱাৰ পথত ।খেতিয়ক ৰাইজে জানিবলৈ দিয়া মতে প্ৰথমে কমলাৰ গাগছত বগা দাগ হয় । ইয়াৰ পিছত গোটেই গছজোপাত বগা দাগবোৰ বাঢ়িবলৈ ধৰে । লগে লগে গছজোপাও মৰহি যায় ।কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ মতে সেয়া 'ড্ৰাইবাক' নামৰ এবিধ মাৰাত্মক ৰোগ । যি ৰোগ হ'লে গছজোপা ওপৰৰ পৰা শুকাই মৰহি যাবলৈ আৰম্ভ কৰে ।
এবাৰ এনে ৰোগ হ'লে সেই ঠাইত থকা সৰু-ডাঙৰ সকলো কমলা গছ মৰহি যায় । ৰোগ লগা ঠাইত নতুনকৈ কমলা গছ ৰোপণ কৰিলেও নহয়।এবাৰ ৰোগ লগিলে সেই ঠাইত চাৰি বছৰলৈকে এনে ৰোগ লাগিয়ে থাকে । উদ্যান শস্য কমলাত লগা ড্ৰাইবাক মূল ৰোগ । কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে জনোৱা মতে অইন অইন ৰোগেও অৱশ্যে বকোৰ কমলা গছ নি:শেষ কৰিছে । খেতিয়কৰ মতে যেতিয়াৰে পৰা বিভিন্ন খেতিত ৰসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিবলৈ লৈছে তেতিয়াৰে পৰা কমলা গছবোৰ ৰোগ লাগি মৰহিবলৈ আৰম্ভ কৰিছে ।
খেতিয়কৰ দাবী বৰ বেছি দুবছৰ মানৰ পিছত বকোৰ মানুহে কমলা গছ দেখিবলৈ নাপাব । গতিকে কৃষি বিভাগৰ ওচৰত খেতিয়কে উদ্যান শস্য কমলা বকোত সম্পূৰ্ণৰূপে নি:শেষ নৌহওঁতেই খেতি সম্প্ৰসাৰণৰ ব্যৱস্হা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । একেদৰে বকোত উদ্যান শস্য তামোলো দিনে দিনে সংকুচিত হৈ আহিছে । গছৰ পাত লেৰেলি যোৱা এবিধ ৰোগত তামোল গছবোৰ বছৰে বছৰে মৰহি গৈ আছে । বহু পৰিয়ালৰ বাৰীত নাইবা খেতিত তামোল গছ একেবাৰে মৰহি নি:শেষ হৈছে ।
কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ মতে সেয়া 'জ্ঞানোডাৰমা'- নামৰ বেক্টেৰীয়া জনিত ৰোগ । খেতিয়কৰ মতে বাংলা ইটা ভাটাৰ ধোঁৱাই বায়ু প্ৰদূষণ কৰাৰ ফলত তামোল গছত এনে ৰোগ ধৰিছে । সেয়া যিয়েই নহওঁক কৃষি বিভাগে মুঠতে উদ্যান শস্য কমলা আৰু তামোল সম্পূৰ্ণ ৰূপে নি:শেষ হোৱাৰ আগতে ৰোগ প্ৰতিৰোধ কৰি বকোক পূৰ্বৰ দৰে উদ্যান শস্য কমলা আৰু তামোলৰ বাবে বিখ্যাত কৰি তুলিবলৈ খেতিয়ক ৰাইজে দাবী জনাইছে ।