অসহায় গৃহস্থঃ বোকাখাতত ন ন কৌশলেৰে চোৰৰ চাফাই অভিযান অব্যাহত....

বোকাখাত সমজিলাৰ বিভিন্ন অঞ্চলত ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে চুৰিৰ ঘটনা। কি ব্যৱসায়ীক প্ৰতিষ্ঠান, কি আবাসিক এলেকা একো বাদ পৰা নাই চোৰৰ লক্ষ্যৰ পৰা।

author-image
Asomiya Pratidin
New Update
sdsdsdsdsdsdddsd

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত সমজিলাৰ বিভিন্ন অঞ্চলত ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে চুৰিৰ ঘটনা। কি ব্যৱসায়ীক প্ৰতিষ্ঠান, কি আবাসিক এলেকা একো বাদ পৰা নাই চোৰৰ লক্ষ্যৰ পৰা। অৱস্থা এনেকুৱাও পাইছেগৈ যে, চোৰৰ পৰা বাচি থাকিবলৈ আবাসিক এলেকাবোৰত গৃহস্থই দিনতেই দৰজা-খিৰিকী আদিত তলা লগাব লগীয়া হৈছে। তাৰ পাছতো চুৰি কাৰ্যত ন ন কৌশল তৈয়াৰত সিদ্ধহস্ত এচাম চোৰৰ পৰা ৰক্ষা পৰা নাই গৃহস্থ। ফলত চৰম দুঃচিন্তাত আৰু নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে বোকাখাতবাসীয়ে। 

উল্লেখযোগ্য যে, বিগত ১৯ আগষ্টত বোকাখাত নগৰৰ মাজ মজিয়াত আৰক্ষী থানাৰ তেনেই সমীপৰ তিৰুপতি কমপ্লেস্কৰ উজ্জ্বল বৰুৱাৰ ম'বাইল দোকানৰ পৰা নিশা চোৰে দোকানৰ চাটাৰ ভাঙি লৈ যায় প্ৰায় ২০ পৰা ২৫ লাখ টকাৰ দামী ম'বাইল আৰু অন্যান্য সামগ্ৰী। এই ঘটনাত বোকাখাত আৰক্ষীয়ে স্নিফাৰ ডগ ব্যৱহাৰ কৰিছিল আৰু এটা ফৰেনচিক দলেও অনুসন্ধান কৰিছিল যদিও আজি পৰ্যন্ত চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল বোকাখাত আৰক্ষী। 

WhatsApp Image 2025-09-12 at 2.06.29 PM

আনটো ঘটনা সংঘটিত হয় ৮ ছেপ্তেম্বৰত। এই ঘটনাত বোকাখাত ডিফলু পথৰ কানু ষ্ট'ৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ পৰা নিশা চোৰে প্ৰতিষ্ঠানটোত লগাই থোৱা ৫/৬ টা তলা ভাঙি নগদ ধন আৰু সামগ্ৰী লৈ যায়। ইয়াৰ পাছতে কানু ষ্টৰত সংঘটিত হোৱা চুৰি কাণ্ডৰ তিনিদিনৰ পাছতেই অৰ্থাৎ ১১ ছেপ্তেম্বৰত আকৌ বোকাখাত সেউজীপাৰত সংঘটিত হয় আন এটা চুৰি কাণ্ডৰ। এই ঘটনাত সেউজীপাৰৰ ৭নং ৱাৰ্ডৰ প্ৰভাত চন্দ্ৰ শৰ্মাৰ বাসগৃহৰ পৰা ঘৰত কোনো নথকাৰ সুযোগত দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত চোৰে ভেণ্টিলেটৰৰ গ্ৰীল ভাঙি ঘৰত প্ৰৱেশ কৰি ৩ লাখ টকাৰ সোনৰ গঢ়না আৰু ১.৫০ লাখ নগদ ধন লৈ উধাও হয়।

WhatsApp Image 2025-09-12 at 2.06.30 PM

এনেদৰেই বোকাখাতত চোৰে প্ৰায় ধাৰাবাহিক ভাৱে  সংঘটিত কৰি আহিছে চুৰি কাণ্ড। তাৰ পাছতো সততে মন্ত্ৰী-বিধায়কৰ পিছত দৌৰি থকা বা কেতিয়াবা ব্যক্তিগত সহায়কৰ ৰূপ লবলৈও কুণ্ঠাবোধ নকৰা বোকাখাত আৰক্ষীয়ে চোৰ কৰায়ত্ব কৰি সামান্যতমো সকাহ দিব পৰা নাই বোকাখাতবাসীক ইয়াৰ বিপৰীতে বোকাখাত আৰক্ষী থানাৰ লকআপৰ পৰা দিনতেই ৰাইজে কৰায়ত্ব কৰি দিয়া চোৰেও পলায়ন কৰাৰ দৰে লজ্জাজনক ঘটনাহে সংঘটিত হৈছে।

বোকাখাতত সংঘটিত হৈ থকা ধাৰাবাহিক চুৰিৰ ঘটনাক লৈ বোকাখাত আৰক্ষীৰ অসফলতাক তীব্ৰ সমালোচনা কৰিছে বোকাখাতৰ সচেতন ৰাইজে। লগতে এই ক্ষেত্ৰত বোকাখাত আৰক্ষীক অধিক সচেতন হ'বলৈ আহ্বান জনাইছে।

বোকাখাত