/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6b6b1f2d-7550-46a5-ba6e-82a1096707a9/bo.jpg)
ডিজিটেল সংবাদ, বোকাখাত: বিগত সাতটাকৈ বছৰ বোকাখাত বিধান সভা সমষ্টিৰ গাদী দখল কৰি থকা জেষ্ঠ কেবিনেট মন্ত্ৰী বোকাখাতত থকাৰ পাছতো বোকাখাতত সংঘটিত হৈ আহিছে দুৰ্নীতি। কিন্তু কেবিনেট মন্ত্ৰী থকাৰ পাছতো বিভিন্ন সময়ত হৈ থকা দুৰ্নীতি আৰু ৰাজহুৱা কেলেংকাৰীৰ উপযুক্ত তদন্ত নহয় বা কাগজে কলমে তদন্তৰ "স্ক্ৰিপ্ত"- তৈয়াৰ হ'লেও তাৰ ৰাজহুৱা মঞ্চায়ণ বোকাখাত সমষ্টিবাসীয়ে দেখিবলৈ নাপায়।
আনকি বোকাখাতত মহকুমাত ২০২১ চনৰ ২১ জুলাইত মহকুমাধিপতিৰ দায়িত্ব লোৱা ডাঃ নেহা যাদব, এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া থকাৰ পাছতো তদন্তৰ ফল বোকাখাতবাসীয়ে নাপায়। অৱশ্যে এসময়ৰ লোকনায়ক চিকিৎসালয়ত আবাসিক চিকিৎসক হিছাপে কৰ্মৰত এই গৰাকী চিকিৎসক, IAS বিষয়া বোকাখাতলৈ অহাৰ লগে লগেই উৎফুল্ল হোৱা, তেওঁক শুভেচ্ছাৰে উপচাই পেলোৱা একাংশ বোকাখাতিয়াৰ ভূমিকাও সময়ে সময়ে ৰহস্যৰ আবৰ্ততেই থাকিল।
বানাক্ৰান্তৰ বাবে অহা ৫০০ কুইন্টল চাউলৰ এক বৃহৎ কেলেংকাৰী চলিত বৰ্ষৰ জুন মাহৰ ২১ তাৰিখে পোহৰলৈ আহিছিল কৃষিমন্ত্রী অতুল বৰাৰেই গৃহসমষ্টি বোকাখাতত ।
যি সময়ত বানাক্ৰান্তক এমুঠি ভাতৰ বাবে সাহায্য বিতৰণত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিবৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰিছিল সেই সময়ত বানাক্ৰান্তৰ সাহাৰ্যৰ বাবে অহা ৫০০ কুইন্টলকৈ চাউল গুদামতে জহি পচি যোৱাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগেই বোকাখাতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল।
সেই সময়ত সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বোকাখাত মহকুমা প্ৰশাসনৰ চৰম হেমাহিৰ বাবেই বানাক্ৰান্তৰ বাবে অহা ৫০০ কুইন্টল চাউল পশুধনে খোৱাৰো অনুপযোগী হৈ পৰিল। ২০১৯ চনত বানাক্ৰান্তক সাহায্য প্ৰদানৰ বাবে বোকাখাত মহকুমা প্ৰশাসনলৈ আহিছিল ১০০০ কুইন্টল চাউল ৷ ২০১৯ বৰ্ষত বানাক্ৰান্তক ৫০০ কুইন্টল চাউল বিতৰণ কৰাৰ পাছত বাকী থাকি যোৱা ৫০০ কুইন্টল চাউল জলসম্পদ বিভাগৰ গুদামত বিতৰণ নকৰি মজুত ৰাখিলে বোকাখাত মহকুমা প্ৰশাসনে।
২০১৯ চনৰ পৰা ২০২২ চন পালেহি ৷ যোৱা তিনি বছৰে গুদামতেই সেই ৫০০ কুইন্টল চাউল জমা কৰি ৰখাত সমগ্ৰ চাউল খোৱাৰ অনুপযোগী হৈ পৰিল ৷ এই তথ্য পোহৰলৈ অহাৰ লগে লগে হাহাকাৰ লাগিল বোকাখাত মহকুমা প্ৰশাসনত ৷
ক্ষোভিত হৈ পৰিল দল-সংগঠন ৷ কাৰ হেমাহিৰ বাবে বানাক্ৰান্তৰ বাবে অহা চাউল গুদামতে জহি পচি গ'ল তাৰ উচিত তদন্ত বিচৰাৰ লগতে দোষী বিষয়াক তদন্তৰ আওতালৈ আনি শাস্তি প্ৰদানৰো দাবী তুলিলে দল-সংগঠণ সমুহৰ উপৰিও সচেতন ৰাইজে।
বিগত তিনিবছৰে জনসাধাৰণক অন্ধকাৰত ৰাখি বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত জমা ৰখা উক্ত ৫০০ কুইন্টল চাউল ইতিমধ্যেই মানুহতো বাদেই জীৱ-জন্তুৱেও খোৱাৰো অনুপযোগী হৈ পৰিল। তাৰো তদন্তৰ দাবী তুলিলে দল সংগঠণ সমূহে। কিন্তু পৰবৰ্তী সময়ত কি কৰিলে বোকাখাত মহকুমা প্ৰশাসনে? তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হ'লনে? নে তদন্ত নহ'লেই?
সেই সময়ত বৰ্তমানৰ বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত কৃষি মন্ত্ৰী অতুল বৰাৰ অতিকে ঘনিষ্ঠ বুলি চৰ্চিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে ইয়াক দুৰ্ভাগ্যজনক আখ্যা দিয়েই দায়িত্ব সামৰিলে।
তেওঁৰ বক্তব্য অনুসৰিয়েই উল্লেখ কৰিব লাগিব ২০২১ চনত ২১ জুলাইত বোকাখাতৰ মহকুমাধিপতি হিচাপে যোগদান কৰাৰ পাছতেই এই ৫০০ কুইন্টল চাউলৰ সম্ভেদ লাভ কৰিছিল মহকুমাধিপতি ডাঃ নেহা যাদবে।
বোকাখাত জলসম্পদ বিভাগৰ গুদামত মজুত থকা ৫০০ কুইন্টল চাউলৰ নমুনা সংগ্ৰহ কৰি খোৱাৰ উপযোগী নে অনুপযোগী জানিবৰ বাবে ২০২১ চনৰ ২৭ জুলাইত ফৰেঞ্চিক লেবেটৰীলৈ প্ৰেৰণ কৰিছিল ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে।
কিন্তু পৰবৰ্ত্তী সময়ত ফৰেঞ্চিক লেবৰেটৰীৰ পৰা কোনো সুদুত্তৰ নাপালে। কিন্তু এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ পত্ৰৰ "সুদুত্তৰ" নোপৱাতো কিমান বিশ্বাসযোগ্য? যাৰ বাবে আইনী পেৰপেচত পৰি বানাক্ৰান্তৰ বাবে অহা এই ৫০০ কুইন্টল চাউল জহি পচি গ'ল ??
ইয়াত যিহেতু বোকাখাত মহকুমা প্ৰশাসনে তদন্তৰ নামত কৰা ভেকো ভাওনাৰ কথা উল্লেখ কৰা হৈছে, সেয়ে বোকাখাত মহকুমা প্ৰশাসনে তদন্তৰ নামত আজিলৈকে এখিলাও কাগজ ৰাজহুৱা নকৰা আন এটা কেলেংকাৰী তথা ৰাজহুৱা ধন আত্মসাতৰ ঘটনা পোহৰলৈ আহিছিল চলিত বৰ্ষৰেই ১৪ জুলাই তাৰিখে। বোকাখাতৰ এগৰাকী জেষ্ঠ সাংবাদিকে কৰা RTI ৰ যোগেদি ফাদিল হৈছিল এই বৃহৎ কেলেংকাৰীৰ জলজল পটপট তথ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/58126120-8b5b-4020-9261-f6fbe07ef28a/WhatsApp_Image_2022_11_11_at_11_44_12_AM__1_.jpeg)
বোকাখাতৰ লতাবাৰীৰ শান্তিঘাট শ্মশানৰ এটা অংশত বোকাখাত পৌৰসভাই ডাম্পিং গ্রাউণ্ডৰ নামত আৱন্টন দিছিল ৫ বিঘা মাটি । ২০১৬-১৭ বর্ষতে বোকাখাত পৌৰসভাই আৱন্টন দিয়া ৫ বিঘা মাটিত বোকাখাত পৌৰসভাই পেলোৱা জাৱৰসমূহ নিস্কাষণৰ বাবে নুমলীগড় শোধনাগাৰৰ সামাজিক দায়ৱদ্ধতা উন্নয়ণ পুঁজিৰ দ্বাৰা ডাম্পিং গ্রাউণ্ডৰ লগতে জাৱৰ নিস্কাষণ, বিদ্যুৎ সংযোগ, সৌন্দর্য বর্ধন, পথ মেৰামতি, ফুলনি বাগিছা আৰু পথ নিৰ্মাণৰ বাবে তিনিটা পৰ্যায়ত গোলাঘাটৰ দৰ্শন গোহাঁই আৰু গোলাঘাট মৰঙীৰ জ্যোতিময়ী বৰদলৈয়ে লাভ কৰিছিল ১ কোটি ৫২ লাখ ৭৪ হাজাৰ ৩৩৭ টকা ৫৫ পইচা ৷
কিন্তু দুই ঠিকাদাৰে মিলি নিম্নমানৰ কামেৰে সমুদায় টকা লুটিপুটি খোৱাৰ অভিযোগ উঠিছিল। আনকি কাম সম্পূৰ্ণ হোৱা দেখুৱাই নিৰ্ধাৰিত মূল্যৰ কোনো ফলক নলগালে কাম কৰা উক্ত স্থানত দুই ঠিকাদাৰ দৰ্শন গোহাঁই আৰু জ্যোতিময়ী বৰদলৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/be7435dc-1a65-46c2-ad28-7a800916525d/WhatsApp_Image_2022_11_11_at_11_44_10_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c6ceb56b-0685-4521-92b8-668351510369/WhatsApp_Image_2022_11_11_at_11_44_12_AM.jpeg)
ডাম্পিং গ্রাউণ্ড নিৰ্মাণৰ লগতে শান্তিঘাট শ্মশানৰো উন্নয়ণ কৰিম বুলি মৌখিক প্ৰতিশ্ৰুতি দিছিল যদিও শেষ পর্যন্ত শান্তিঘাট শ্মশানৰ উন্নয়ণৰ নামত একো কাম নকৰিলে। ইফালে এই বিষয়ত কোনো তথ্য নাই শান্তিঘাট শ্মশান সমিতিৰ হাতত।
ইফালে পৰবৰ্ত্তী সময়ত বোকাখাতৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে সমগ্ৰ আঁচনিৰ তথ্য বিচাৰি নুমলীগড় শোধনাগাৰত এখন আৰ টি আই দাখিল কৰে৷ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই সাংবাদিক গৰাকীক আৰ টি আই তথ্য প্ৰদান কৰাৰ পাছতে নিম্নমানৰ কামৰ লগতে কাম সম্পূৰ্ণ নোহোৱাকৈয়ে কাম সম্পূৰ্ণ হোৱা দেখুৱাই ঠিকাদাৰে ডাম্পিং গ্রাউণ্ড নিৰ্মাণ, জাৱৰ নিস্কাষণ আদিৰ নামত সমুদায় ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহে ৷
ঠিকাদাৰ দৰ্শন গোহাঁইয়ে ৯৩ লাখ ৯৮ হাজাৰ ৫২ টকা ২৫ পইচা আৰু জ্যোতিময়ী বৰদলৈ নামৰ ঠিকাদাৰজনক সৌন্দৰ্য বর্ধন, ফুলনি বাগিছা, পথ মেৰামতি আৰু পথ নিৰ্মাণৰ নামত ৪৩, লাখ ১৫ হাজাৰ ২৮৫ টকা ৩০ পইচা সম্পূৰ্ণ আদায় দিয়াৰ লগতে বৈদ্যুতিক সংস্থাপনৰ নামত ১৫ লাখ ৬১ হাজাৰ টকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক আদায় দিয়া দেখুৱায় ৷
কিন্তু ডাম্পিং গ্রাউণ্ড আৰু সৌন্দৰ্য বৰ্ধন, ফুলনি বাগিছা নিৰ্মাণ আৰু বৈদ্যুতিক সংস্থাপন নোহোৱাকৈয়ে কিদৰে ইমান মোটা অংকৰ ধন শোধনাগাৰ কৰ্তৃপক্ষৰ পৰা দুই ঠিকাদাৰে উলিয়াই নিলে সেই লৈ বোকাখাতত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হ'ল, দাবী উঠিল উচিত তদন্তৰ।
প্ৰশ্ন উঠিল এই সমগ্ৰ কেলেংকাৰীৰ বিষয়ে কেনেকৈ অজ্ঞাত হৈ থাকিল বোকাখাত মহকুমা প্রশাসন, বোকাখাত পৌৰসভা? আনকি শান্তিঘাট শ্মাসান পৰিচালনা সমিতি?
কিন্তু জেষ্ঠ কেবিনেট মন্ত্ৰী অতি ঘনিষ্ঠ বুলি চৰ্চিত ডাঃ নেহা যাদবে আজিলৈকে সমগ্ৰ কেলেংকাৰীৰ তদন্তৰ কোনো প্ৰতিবেদন ৰাজহুৱা নকৰিলে?