অসম্পূৰ্ণ-ভগ্নপ্ৰায় প্ৰেক্ষাগৃহতে ৰাস উৎসৱৰ আয়োজন...

প্ৰতি বছৰৰ দৰেই এইবছৰো বৃহত্তৰ কুৰুৱাবাহীৰ বিভিন্ন অঞ্চলত ৰাস উৎসৱৰ প্ৰস্তুতিয়ে আকাশ-বতাহ মুখৰিত কৰি ৰাখিছে। আৰু এই ৰাস উৎসৱ তিনিদিনিয়াকৈ অনুষ্ঠিত হ'ব ৪,৫,৬,নবেম্বৰত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বোকাখাতঃ  ষাঠি দশকৰ পৰা বৃহত্তৰ কুৰুৱাবাহীৰ ৰাস উৎসৱে এক গৌৰৱময় ঐতিহ্য বহন কৰি আহিছে। কুৰুৱাবাহীৰ ৰাস উৎসৱে কেৱলমাত্ৰ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেম কাহিনীকে প্ৰতিবছৰে কৈ অহা নাই বৰঞ্চ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠিক সামৰি ঐক্য আৰু সমন্বয়ৰ বাৰ্তাও বহন কৰি আহিছে।

প্ৰতি বছৰৰ দৰেই এইবছৰো বৃহত্তৰ কুৰুৱাবাহীৰ বিভিন্ন অঞ্চলত ৰাস উৎসৱৰ প্ৰস্তুতিয়ে আকাশ-বতাহ মুখৰিত কৰি ৰাখিছে। আৰু এই ৰাস উৎসৱ তিনিদিনিয়াকৈ অনুষ্ঠিত হ'ব ৪,৫,৬,নবেম্বৰত।অসমৰ বিভিন্ন ঠাইৰ পৰা ৰাস উৎসৱ উপলক্ষ্যে আগমণ হ'ব লগা অতিথিক আদৰিবলৈ গ্ৰামাঞ্চলসমূহৰ শিশুৰ পৰা যুৱক যুৱতী, আবাল বৃদ্ধ বনিতালৈকৈ সকলো যেন ব্যস্ত।

অৱশ্যে বৰ্তমানৰ যান্ত্ৰিক জীৱন যাত্ৰাৰ প্ৰভাৱৰ বাবে কুৰুৱাবাহীলৈ ৰাস উৎসৱ উপভোগ কৰিবলৈ অহা অথিতিৰ সংখ্যা পূৰ্বতকৈ কমিছে যদিও ৰাস উৎসৱৰ উল্লাস-উদ্দীপনা এতিয়াও অব্যাহত আছে। সেই উল্লাস-উদ্দীপনাক সাৰথি কৰিয়েই প্ৰতি বছৰৰ দৰেই বৃহত্তৰ কুৰুৱাবাহীৰ সাত ঠাইত অৰ্থাৎ সাতটা প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ব পূৰ্ণাংগ ৰাস উৎসৱ।

অঞ্চলটোৰ  মিলিত শিল্পী সমাজ,  প্ৰগতি যুৱক সংঘ, গোপালদেৱ নাট্য মন্দিৰ, কুৰুৱাবাহী যুৱক সংঘ, কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, খটিয়াখলি আঞ্চলিক শিল্পী সমাজ, আৰু ৰঙাগড়া ৰাধা-কৃষ্ণ যুৱ শিল্পী সমাজে পূৰ্ণ পৰ্যায়ত ৰাস উৎসৱৰ আখৰা অব্যাহত ৰাখিছে। ইয়াৰে ৰঙাগড়া ৰাধা-কৃষ্ণ যুৱ শিল্পী সমাজৰ ৰাস মঞ্চস্থ হ'ব অস্থায়ী মঞ্চত।

উল্লেখ্য যে, ষাঠি দশকৰ পৰা কুৰুৱাহীৰ জনসাধাৰণে ৰাস উৎসৱৰ ঐতিহ্যৰ ধাৰাবাহিতা ৰক্ষা কৰি আহিছে যদিও উক্ত অনুষ্ঠান কেইটাৰ এটায়েও আজিলৈকে এটা পূৰ্ণাংগ প্ৰেক্ষাগৃহৰ ক্ষেত্ৰত চৰকাৰী ভাৱে উপযুক্ত সাহাৰ্য লাভ কৰিবলৈ সক্ষম নহ'ল। কেৱল ৰাস উৎসৱেই নহয় এই আটাইকেইটা অনুষ্ঠানেই বিগত সময়ত যঠেষ্ট উচ্চ মান বিশিষ্ট নাট্যাভিনয় আৰু সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশণ কৰি আহিছে যদিও চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।

নতুন প্ৰজন্মই একোটা আধুনিক আৰু বিজ্ঞানসন্মত প্ৰেক্ষাগৃহৰ অভাৱ অনুভৱ কৰি আহিছে প্ৰতিবছৰেই, ফলত একোটাকৈ অসম্পূৰ্ণ বা ভগ্নপ্ৰায় প্ৰেক্ষাগৃহতে পৰিৱেশণ কৰি থাকিব লগীয়া হৈছে ৰাস আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচী ।আনহাতে প্ৰতিবছৰেই ৰাস উৎসৱৰ মঞ্চ উন্মোচনৰ বাবে ৰাজনৈতিক নেতা-মন্ত্ৰীক আমন্ত্ৰণ কৰি অহা হৈছে যদিও ৰাইজে বিগত সময়বোৰত কেৱল প্ৰতিশ্ৰুতি আৰু আশ্বাসহে লাভ কৰি আহিছে।

এইবছৰো হয়তো তেনেদৰেই কোনো ৰাজনৈতিক নেতা, মন্ত্ৰীয়েই ঐতিহাসিক কুৰুৱাবাহীৰ কেইবাখনো ৰাস উৎসৱৰ মঞ্চ মূকলি কৰিব কিন্তু বৃহত্তৰ কুৰুৱাবাহীয়ে লাভ কৰিবনে এটা আধুনিক আৰু বিজ্ঞানসন্মত প্ৰেক্ষাগৃহ ?

ৰাস